Canada : কানাডাত গুলিয়াই হত্যা কৰা হ’ল ভাৰতীয় ছাত্ৰক

1649489627 indian student

কানাডাত হত্যা কৰা হ’ল এজন ভাৰতীয় ছাত্ৰক । কাৰ্তিক বাসুদেৱ নামৰ ২১ বছৰীয়া ছাত্ৰজনক বৃহস্পতিবাৰে সন্ধিয়া ৰাজধানী টৰণ্টোৰ এটা চাবৱে ষ্টেচনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হয়।

টৰণ্টোৰ আৰক্ষীয়ে প্ৰথমতে ঘটনাটো দুৰ্বৃত্তৰ আক্ৰমণ বুলি অনুমান কৰিছিল ।

মৃত বাসুদেৱ কানাডাৰ চেনেকা মহাবিদ্যালয়ৰ ব্যৱসায় ব্যৱস্থাপনা বিভাগৰ ছাত্ৰ আছিল। বৃহস্পতিবাৰে সন্ধিয়া এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল তেওঁ ।

শ্বেৰবৰ্ণ অঞ্চলৰ ছেইণ্ট জেমছ টাউনৰ চাবৱে ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত গ্লেন ৰোডৰ প্ৰৱেশদ্বাৰৰ ওচৰত তেওঁক একাধিকবাৰ গুলি কৰা হয়।

টৰণ্টো আৰক্ষীৰ সূত্ৰই জনাইছে যে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ নিয়াৰ পাছত তেওঁৰ মৃত্যু হৈছিল।

বাসুদেৱৰ মৃত্যুত শোক প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইট কৰে, “এই মৰ্মান্তিক ঘটনাত শোকাহত । পৰিয়ালটোলৈ মোৰ গভীৰ সমবেদনা।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, কানাডাৰ ভাৰতীয় দূতাবাসে হত্যাকাণ্ডটোৰ তদন্তৰ গতিপথ জানিবলৈ টৰণ্টো আৰক্ষীৰ স’তে যোগাযোগ কৰি আছে।

Exit mobile version