Coronavirus in India: এই বাৰ কৰ’নাৰ এক্সই ৰূপৰ সন্ধান পোৱা গ’ল গুজৰাটত

1649482294 xe varrient

মুম্বাইৰ পাছত, এইবাৰ কৰ’না ভাইৰাছ এক্সই প্ৰকাৰৰ সংক্ৰমণৰ সন্ধান পোৱা গ’ল গুজৰাটত । ৰাজ্য চৰকাৰৰ এটা সূত্ৰই সৰ্বভাৰতীয় সংবাদ মাধ্যমক জনোৱা অনুসৰি দুজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিড-১৯ৰ এই অতিসংক্ৰামক ৰূপৰ সন্ধান ।

অৱশ্যে,আক্ৰান্তদুজনৰ বিদেশ ভ্ৰমণৰ ইতিহাস বা শাৰীৰিক অৱস্থাৰ বিষয়ে কোনো তথ্য নাই । এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এতিয়ালৈকে একো ঘোষণা কৰা নাই।

এই সপ্তাহৰ আৰম্ভণিতে, বৃহন্মুম্বাই পৌৰ কৰ্তৃপক্ষ আৰু মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে মুম্বাইত বিদেশৰ পৰা উভতি অহা এগৰাকী মহিলাৰ দেহত ক’ভিড-১৯ৰ এটা নতুন এক্সই প্ৰকাৰৰ সন্ধান পোৱা বুলি দাবী কৰিছিল।

কিন্তু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই দাবীক স্বীকৃতি দিয়া নাই । স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে এক্সই ৰূপত আক্ৰান্ত সন্দেহ কৰা ব্যক্তিৰ নমুনা জিনোম চিকুয়েন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছিল ।

ইয়াৰ পাছত, জিন বিশেষজ্ঞসকলে নমুনাটো বিতংভাৱে বিশ্লেষণ কৰে। কিন্তু তেওঁলোকৰ অনুমান হৈছে যে এই ৰূপৰ জিনৰ গাঁথনি এক্সই ৰূপৰ জিনৰ গাঁথনিতকৈ পৃথক।

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ কয় যে কৰ’না ভাইৰাছৰ এই এক্সই প্ৰকাৰটো অ’মিক্ৰনৰ বি.এ.২ উপ-প্ৰজাতিতকৈ বহুত বেছি সংক্ৰামক।

Exit mobile version