Covid Bulletin : দেশত সামান্য বৃদ্ধি পালে দৈনিক আক্রান্তৰ সংখ্যা

coronavirus testing

দেশত সামান্য বৃদ্ধি পালে দৈনিক ক’ভিড ৰোগীৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দৈনিক পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত নতুন আক্রান্তৰ সংখ্যা এক হেজাৰ ১৫০ জন ।অৱশ্যে, শুক্ৰবাৰৰ তুলনাত মৃত্যু সংখ্যাও সামান্য বৃদ্ধি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত ৮৩ জন লোকৰ মৃত্যু হৈছে।যাৰ ভিতৰত ৭৫ জনেই কেৰালাৰ।

শুক্ৰবাৰৰ তুলনাত সংক্ৰমণৰ হাৰ অলপ বৃদ্ধি পাইছে। শনিবাৰে, এই হাৰ আছিল ০.২৫ শতাংশ। অৱশ্যে, সক্ৰিয় ৰোগীৰ সংখ্যাৰ গ্ৰাফ লাহে লাহে হ্ৰাস পাইছে।

দৈনিক সংক্ৰমণৰ শীৰ্ষত আছে কেৰালা। যোৱা ২৪ ঘণ্টাত, ৰাজ্যখনত ৩৫৩ জন লোক আক্ৰান্ত হৈছে । ইয়াৰ পাছতে আছে দিল্লী আৰু মহাৰাষ্ট্ৰ।

Exit mobile version