পিএনবিৰ গ্ৰাহকৰ বাবে আছে সুখবৰ ! বিনামূল্যে আঠ লাখ টকা লাভৰ সুযােগ

PNB hikes service charges 1641788662644 1641788662839

যদি আপুনি পঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহক, তেন্তে আপােনাৰ বাবে আছে এক ভাল খবৰ। গ্রাহকসকলৰ বাবে বৃহৎ লাভ অর্জনৰ এক সুযােগ আগবঢ়াইছে পিএনবিয়ে। পিএনবিৰ গ্ৰাহকসকলে জৰুৰীকালীন অৱস্থাত ধনৰ প্রয়ােজন হলে এতিয়া আৰু চিন্তা কৰাৰ প্রয়ােজন নাথাকিব।

কিয়নাে পঞ্জাৱ নেচনেল বেংকে ইয়াৰ গ্ৰাহকসকলক জৰুৰীকালীন সময়ত সর্বোচ্চ আঠ লাখ টকাৰ সুবিধা আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে। যদি আপােনাক কেতিয়াবা এই ধনৰ প্রয়ােজন হয়, তেন্তে আপুনি এই বিশেষাধিকাৰ কিদৰে উপভােগ কৰিব পাৰিব সেই বিষয়ে জানি থওক— দৰাচলতে পঞ্জাৱ নেচনেল বেংকে ইনষ্টা ঋণৰ জৰিয়তে গ্রাহকসকলক এই আঠ লাখ টকাৰ সুবিধা আগবঢ়াইছে।

যদি আপুনি ইয়াৰ অধীনত ব্যক্তিগত ঋণ ল’ব বিচাৰে, খুব সহজতে মাত্র নিজৰ ম’বাইল নম্বৰ আৰু আধাৰ নম্বৰ জমা দিয়েই সম্পূর্ণ লাভালাভ আদায় কৰিব পাৰিব। শেহতীয়াকৈ পঞ্জাৱ নেচনেল বেংকৰ তৰফৰ পৰা এক টুইট যােগে এই বুলি সদৰী কৰা হৈছে যে এতিয়াৰে পৰা পিএনবিৰ ইনষ্টা ঋণৰ জৰিয়তে বেংকৰ পৰা ঋণ পােৱাটো খাদ্য অর্ডাৰ কৰাৰ দৰেই সহজ প্রক্রিয়া হৈ পৰিব।

তদুপৰি এই ঋণত সুতৰ হাৰাে তুলনামূলকভাৱে কম। গতিকে যিসকল গ্রাহকে কম সুতৰ হাৰত ব্যক্তিগত ঋণ বিচাৰে,তেওঁলােকে পঞ্জাৱ নেচনেল বেংকৰ পৰা ইনষ্টা ঋণৰ বাবে আবেদন কৰিব পাৰে। অৱশ্যে পিএনবিৰ ঋণ পাবলৈ হ’লে কিছুমান চর্ত পূৰণ কৰিব লাগিব গ্রাহকে।

তাৰে ভিতৰত মূল চৰ্তটো হ’ল, এই লাভালাভ প্রাপ্ত কৰিবলৈ গ্রাহকজন কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা পিএছইউৰ কৰ্মচাৰী হ’ব লাগিব। এই ঋণৰ লাভালাভ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে উপলব্ধ হ’ব আৰু এই সেৱা দিনটোৰ সকলাে সময়তে উপলব্ধ হ’ব।

ইয়াৰ অধীনত, গ্রাহকসকলে আঠ লাখ টকালৈকে ঋণ পাব। আনহাতে, ইয়াত প্রচেছিং মাচুলাে শূন্য হ’ব। অধিক তথ্য লাভ কৰিবৰ বাবে পিএনবিৰ গ্ৰাহকসকলে tinyurl.com/t3u6dcnd ত ক্লিক কৰি চাব পাৰে।

Exit mobile version