ভাৰতীয় ষ্টেট বেংকৰ জনপ্ৰিয় এন্যুইটি আঁচনি

india february priyanka photographed delhi state parashar 3d38be6a 93d9 11e8 a9be 0a3dd955ac48 1645099884392

আজিৰ তাৰিখত চাবলৈ গ’লে কম- বেছি পৰিমাণে প্রায় সকলােৱেই বিনিয়ােগৰ প্ৰতি আগ্রহী। নিৰ্ভৰযােগ্য আঁচনি বা প্রকল্প এটাত বিনিয়ােগ কৰি নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব কোনেনাে নিবিচাৰে ? অৱশ্যে, বিনিয়ােগৰ ক্ষেত্ৰখনত বিপদ আশংকাৰাে ভয় পূৰামাত্রাই আছে।

বজাৰত যিহেতুকে বিনিয়ােগৰ নানা তৰহৰ উপায় উপলব্ধ, তেনে ক্ষেত্ৰত অকণমান কিবা হীন-ডেঢ়ি হলেই গ্রাহকৰ বাবে সমস্যাৰ উদ্ভৱ হ’ব পাৰে। সেয়েহে বিনিয়ােগকাৰীসকলে বিনিয়ােগকৰাৰ আগতে সকলাে সাৱধানতা অৱলম্বন কৰিহে পৰিকল্পনাক ৰূপায়িত কৰাৰ বাবে আগবঢ়াটো জৰুৰী।

বিনিয়ােগৰ বাবে সদায় নিৰ্ভৰযােগ্য প্রতিষ্ঠানৰ জনপ্রিয় আঁচনি বাছনি কৰাটো হৈছে বুদ্ধিমানৰ কাম। বর্তমান সময়ৰ নিৰ্ভৰযােগ্য বেংকিং প্রতিষ্ঠানসমূহৰ ভিতৰত প্ৰথমতেই যাৰ নাম ল’ব পাৰি সেইটো হৈছে ভাৰতীয় ষ্টেট বেংক বাচমুকৈ এছবিআই। এই বেংকটোৱে গ্রাহকলৈ বেকিং সেৱাৰ লগতে অন্যান্য বিভিন্ন বিনিয়ােগ আঁচনি আগবঢ়াই আছে। তাৰ ভিতৰত বহুলভাৱে জনপ্রিয় হােৱা এক আঁচনি হ’ল এছবিআই এনইটি জমা আঁচনি (SBI Annuity Deposit Scheme) দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকটোৱে

বর্তমানে আগবঢ়াই থকা এই বার্ষিক আঁচনিৰ বিশেষত্বসমূহ তলত দিয়া ধৰণৰ ?

১। এছবিআইৰ সকলাে শাখাৰ গ্ৰাহকে নিজৰ ইচ্ছা সাপেক্ষে এই বার্ষিক আঁচনিত বিনিয়ােগ কৰিব পাৰে।

২। এই বার্ষিক আঁচনিখনত কমেও ২৫ হেজাৰ টকাৰ বিনিয়ােগ কৰাটো বাধ্যতামূলক।

৩। এই আঁচনিত, এছবিআইত কৰ্মৰত তথা প্রাক্তন কর্মচাৰীয়ে অতিৰিক্ত এক শতাংশ অধিক সুত লাভ কৰিব পাৰে।

৪। জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও ০.৫ শতাংশ অধিক সুত প্রদান কৰা হয়।

৫। ইয়াৰ উপৰি, এই আঁচনিত টার্ম ডিপজিট বা ম্যাদী জমাৰ সুতৰ হাৰাে প্রযােজ্য হয়।

৬। টকা জমা দিয়াৰ পৰৱর্তী মাহৰ পৰাই নির্ধাৰিত তাৰিখত বার্ষিক পুঁজি প্রদান কৰা হ’ব ।

৭। টিডিএছ কর্তন কৰাৰ পাছত, সঞ্চয় একাউণ্ট বা কাৰেন্ট একাউণ্টলে বার্ষিক পুঁজি প্ৰেৰণ কৰা হব।

৮। একক পৰিমাণত ভাল ৰিটাৰ্ণ প্রাপ্তকৰাৰ বাবে এই আঁচনিখন নিঃসন্দেহে গুৰুত্বপূর্ণ।

৯। বিশেষ পৰিস্থিতিত, অভাৰড্রাক্ট/ঋণৰ জৰিয়তে মুঠ বার্ষিক পৰিমাণৰ ৭৫ শতাংশলৈকে প্রাপ্ত কৰিব পাৰি।

১০। এনইটি আঁচনিয়ে সঞ্চয় একাউণ্টৰ তুলনাত উন্নত লাভ প্রদান কৰে।

 

প্রতি মাহে ১০ হেজাৰ টকা উপার্জন কৰিব বিচাৰিলে কিমান টকা বিনিয়ােগ কৰিব লাগিব : যদি এজন বিনিয়ােগকাৰীয়ে এছবিআইৰ এই বার্ষিক আঁচনিৰ পৰা প্রতি মাহে ১০হেজাৰ টকাৰ হিলি উপার্জন বিচাৰে, তেন্তে বিনিয়ােগকাৰীয়ে ইয়াৰ বাবে মুঠ ৫,০৭,৯৬৫ টকা জমা দিব লাগিব। জমা কৰা এই পৰিমাণৰ ওপৰত সাত শতাংশ সুতৰ হাৰত ৰিটাৰ্ণ উপলব্ধ হ’ব। এনেদৰে, বিনিয়ােগকাৰীসকলে প্রতি মাহে ১০হেজাৰ টকালৈকে উপার্জন কৰিব পাৰিব।

এছবিআইৰ এইটি আচনিত বিনিয়ােগৰ নিম্নোক্ত নিয়মবােৰ জানি থওক :এই বার্ষিক আঁচনিত প্রতি মাহে নিম্নতম ১,০০০ টকা জমা কৰাটো বাধ্যতামূলক, কিন্তু সর্বাধিক বিনিয়ােগৰ বাবে কোনাে সীমা নির্ধাৰণ কৰা হােৱা নাই। বার্ষিক পৰিশােধৰ ক্ষেত্ৰত, গ্রাহকে জমা কৰা ধনৰ পৰিমাণৰ সুতৰ ওপৰত ভিত্তি কৰি এক নির্দিষ্ট সময়ৰ পাছত উপার্জন আৰম্ভ হয়।

মূলতঃ এই ধৰণৰ পৰিকল্পনা ভৱিষ্যতৰ বাবে উৎকৃষ্ট। লগতে, বিনিয়ােগকাৰীসকলে এই আঁচনিত ৩৬, ৬০, ৮৪ বা ১২০ মাহৰ বাবে বিনিয়ােগ কৰিব পাৰে। ইয়াত, বিনিয়ােগৰ সুতৰ হাৰ বাছনি কৰা ম্যাদৰ টার্ম ডিপজিট বা ম্যাদী জমাৰ সমানেই হ’ব। অর্থাৎ, যদি আপুনি পাঁচ বছৰৰ বাবে জমা কৰে, তেন্তে আপুনি পাঁচ বছৰৰ ফিক্সড ডিপজিট বা স্থায়ী জমাৰ বাবে প্রযােজ্য সুতৰ হাৰৰ স’তে একেই হাৰত সুত পাব। উল্লেখ্য যে ভাৰতৰ যিকোনাে নাগৰিকে এই আঁচনিৰ সুবিধা ল’ব পাৰে।

Exit mobile version