হেজাৰ হেজাৰ লোকৰ মাজত আকৌ সেই বিহু পাম বৰ ভাল লাগিছে

নেকিব হুছেইন

WhatsApp Image 2022 04 10 at 3.28.36 PM

বৰ্তমান বিহু প্ৰস্তুতি ভালে চলি আছে । যোৱা দুবছত যি পৰিস্হিতি হ’ল সেইয়া নহৈ পুনৰ যাতে এইবাৰ অনুষ্ঠান সমূহ হয় তাৰে আশা কৰিছোঁ । ইতিমধ্যে আমি আমাৰ শিল্পীসমূহৰ লগত গীতৰ চর্চা মৰি আছোঁ । কি কি গীত পৰিৱেশন কৰিম কেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰিম তাক লৈ বৰ্তমান আমি কথা পাতি আছো ।

অহা ১৪ এপ্ৰিলত চিপাঝাৰৰ পৰা মোৰ প্ৰথমখন বিহু অনুষ্ঠান কৰিম ।এইবাৰ বিহু বিশেষ আকৰ্ষণ হিচাপে মোৰ এই বছৰ কৰা নতুন নতুন গীত সমূহ থাকিব আৰু লগতে পুৰণি যিসমূহ গীত মোৰ ৰাইজে আদৰি লৈছে বা মৰম দিছে তেনেধৰণৰ কিছুমান গীত লৈ মঞ্চত উঠিম বাকী ভাবিছোঁ ।

শেহতীয়াকৈ মোৰ এটি বিহুসুৰীয়া গীত ‘নাচনী’ আৰু ‘অ কুসুম ‘ ৰাইজৰ বাবে মুকলি কৰিছো আৰু ইয়াৰ উপৰিও চাৰি পাঁচটা গীত মুকলি কৰাৰ কথা আছে ।

বিগত দুটা বছৰৰ পাছত আকৌ সেই ভাল লগা দিনবোৰ ,অনুষ্ঠানসমূহ ,সেই আমাৰ সমাজখন,ৰাইজসমূহ পাম লগতে হেজাৰ হেজাৰ লোকৰ মাজত আকৌ সেই বিহু পৰিৱেশ পাম বৰ ভাল লাগিছে ।

এনেইটো অনুষ্ঠানসমূহ হৈ থাকে কিন্তু বিহু অলপ সুকীয়া । বিহু অনুষ্ঠান বুলি ক’লে মনটো অলপ বেলেগ হয় ।দুটা বছৰ বিহু যি আহিল আৰু গ’ল । আমি অনুষ্ঠানসমূহ কৰিব নোৱাৰিলোঁ ।

দুটা বছৰত সকলোৰে মনবোৰ যেন সেমেকা কোনো বস্তু ভাল নালাগে ক’তো মন নহবে বেলেগ অনুষ্ঠান কৰিলেও আমাৰ সেই অনুষ্ঠান কৰা যেন নালাগে ।

সেয়ে এইবাৰ সকলোৰে মনবোৰ অলপ বেলেগ হৈ আছে । বিহু গীত পৰিৱেশন কৰিম । অনুষ্ঠানসমূহ কৰিম । আশা কৰিছোঁ সকলো ভালে থাকক ।ভালদৰে অনুষ্ঠান সমূহ হওক । প্ৰতিখন কমিটিয়ে যিদৰে ভাবিছে বা আশা কৰিছে সেইদৰে অনুষ্ঠানসমূহ হওক ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ ।

Exit mobile version