এইবাৰ বিহুক লৈ বহুত আশাবাদী

ৰিছা কাশ্যপ

WhatsApp Image 2022 04 10 at 2.32.07 PM

এইবাৰ বিহুক লৈ বহুত আশাবাদী কিয়নো যোৱা দুটা বছৰে ক’ভিডৰ বাবে অনুষ্ঠান সমূহ অনুষ্ঠিত নহ’লে । যোৱা বাৰ মাত্ৰ চাৰিখন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিলোঁ ।

তাৰ আগৰ বছৰটো তলাবন্ধ বুলিয়ে গ’ল ।গতিকে ইমান দীঘলীয়া সময়ৰ পাছত গোটেই মানুহখিনি লগ হম গতিকে অকমান ভালকৈ কৰিবলৈ চেষ্টা কৰিম ।আজিৰ পৰা আৰম্ভ হৈছে মোৰ আখৰা । গৰু বিহুৰ দিনাই বেলতলাৰ পৰা আৰম্ভ হ’ব মোৰ অনুষ্ঠান ।বৰ্তমান অনুষ্ঠানসমূহ পৰিৱেশনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে।

এইবাৰ মঞ্চত অকমান বেলেগ ধৰণে দেখা পাব । সেইয়া চাবলৈ হ’লে আপোনালোকে মোৰ অনুষ্ঠান চাবলৈ আহিব লাগিব ।

১০ তাৰিখৰ আগৰ অনুষ্ঠানসমূহ ইতিমধ্যে বুকিং হৈ গৈছে । তাৰ পাছৰসমূহ কমিটিৰ লগত আলোচনা কৰি থকা হৈছে ।

Exit mobile version