Coronavirus : ভাৰতত প্ৰৱেশ ক’ভিডৰ নতুন ৰূপ এক্সই-ৰ, ধৰা পৰিল গুজৰাটত

india aims to double capacity for making indigenised covid 19 testing kits

ভাৰতত অ’মিক্রনৰ এক্সই প্রজাতিৰ প্রথম সংক্রমণ পোৱা গ’ল গুজৰাটত । ইয়াৰ আগতে মুম্বাইত এক্সই ভেৰিয়েন্ট পোৱা গৈছে বুলি প্রাথমিকভাৱে শুনিবলৈ পোৱা যায় যদিও শেষ পর্যন্ত সেয়া এক্সই নহয় বুলি জানিব পৰা যায় । গুজৰাটৰ সংক্রমিত ব্যক্তিৰ জিনোম ছিকোৱেন্স ৰিপ’র্টত এক্সই-ৰ উপস্থিতি পোৱা গৈছে । তেঁৱো মুম্বাইৰ পৰ গুজৰাটত আহিছিল ।

সংক্রমণৰ ক্ষমতাত এক্সই অ’মিক্রনতকৈ ১০ গুণ আগুৱাই থাকিলেও এতিয়াও এই প্রজাতিক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি জনাইছে স্বাস্থ্য মন্ত্রণালয়ে ।

আজি পুৱা গুজৰাট চৰকাৰৰ স্বাস্থ্য দপ্তৰে জনায়, যোৱা ১২ মার্চত এজন লোক মুম্বাইৰ পৰা বডোদৰা আহিছিল । পৰীক্ষাত তেওঁৰ শৰীৰত এক্সই প্রজাতিৰ ভাইৰাছ পোৱা গৈছে । গুজৰাটৰ স্বাস্থ্য দপ্তৰৰ অতিৰিক্ত মুক্ত সচিব মনোজ আগৰৱালে কয়, ৰাজ্যৰ জৈৱপ্রযুক্তি দপ্তৰে এই লোকজনৰ তেজৰ নমুনাত মিউটেছনৰ সন্ধান পাইছিল । বিষয়টোক লৈ নিশ্চিত হোৱাৰ লক্ষ্যৰে এই নমুনা জিনম ছিকোৱেন্সৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হয় ।

তাৰ পৰা প্রাপ্ত ৰিপ’র্টত জানিব পৰা গৈছে সংশ্লিষ্ট লোকজনৰ নমুনাত এক্সই প্রজাতি আছে । লোকজন যিহেতু মুম্বাইৰ পৰা আহিছিল, সেয়ে মহাৰাষ্ট্র চৰকাৰৰ স’তেও যোগাযোগ ৰাখি লোকজনৰ সংস্পর্শত অহা লোকসকলক চিহ্নিত কৰা হৈছে । মুম্বাই পৌৰসভায়েও লোকজনৰ শৰীৰত এক্সই ভাইৰাছৰ উপস্থিতি পোৱাৰ কথা জনাইছে ।

দেশত আজি প্রথমবাৰ এক্সই প্রজাতি চিহ্নিত হয় যদিও এতিয়াই অৱশ্যে বিশেষ উদ্বেগৰ কাৰণ পোৱা নাই স্বাস্থ্য মন্ত্রণালয়ৰ কৰ্মকর্তাসকলে । মন্ত্রণালয় সূত্রে খবৰ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰখা হৈছে । উদ্বেগৰ কাৰণ নাই ।

ভেলোৰৰ ক্রিশ্চান মেডিকেল কলেজৰ অধ্যাপক গগনদীপ কংগ‌ই আজি সংবাদমাধ্যমক জনাইছে, প্রাথমিকভাৱে জানিব পৰা গৈছে এই প্রজাতি সংক্রমণ বিয়পোৱাত শক্তিশালী হ’লেও তাৰ মাৰণক্ষমতা কম । স্বাস্থ্য বিশেষজ্ঞসকল বিএ.১ তকৈ বিএ.২ক লৈ অধিক উদ্বেগত আছিল । কিন্তু সেই তুলনাত সংক্রমণ বিয়পোৱা নাই বিএ.২ৱে । সেয়ে এক্সই এই দুই প্রজাতিতকৈ অধিক সংক্রামক হ’ব বুলি সন্দেহ কৰা নাই ।

স্বাস্থ্যকর্তাসকলৰ দাবী, দেশৰ প্রায় ৮৫ শতাংশ লোকে টিকাৰ দুটা ড’জ লৈছে । আগন্তুক সময়ৰ পৰা সতর্কতামূলক টিকাকৰণ । দেশৰ অধিকাংশ লোকে টিকা লোৱাত সংক্রমণৰ শংকাও কম ।

Exit mobile version