COVID-19 : ক’ভিড আপডেট

257d9581584263824cf276ccba97fcda original

একেৰাহে দুদিন বৃদ্ধি হোৱাৰ পাছত পুনৰ হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্রমণ । লগতে দৈনিক মৃত্যুৰ সংখ্যাও কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত এহেজাৰ ৫৪ জন । শনিবাৰে আক্রান্তৰ সংখ্যা আছিল এহেজাৰ ১৫০ জন । যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২৯ জনৰ । ইয়াৰে কেৰালাত মৃত্যু হৈছে ২১ জনৰ ।

দৈনিক সংক্রমণৰ হাৰ বিগত দুদিন ধৰি খুব এটা হেৰফেৰ হোৱা নাই । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ ০.২৫ শতাংশ । বিগত ২৪ ঘণ্টাত সুস্থ হৈছে এহেজাৰ ২৫৮ জন । লক্ষ্যণীয়ভাৱে কমিছে সক্রিয় আক্রান্তৰ সংখ্যাও । দেওবাৰে সক্রিয় ৰোগীৰ সংখ্যা ১১ হেজাৰ ১৩২ ।

দৈনিক সংক্রমণত দেশত শীর্ষ স্থানত আছে কেৰালা । বিগত ২৪ ঘণ্টাত এই ৰাজ্যত নতুনকৈ আক্রান্ত হৈছে ৩৪৭ জন । তাৰ পাছত আছে দিল্লী (১৬০) আৰু মহাৰাষ্ট্র (১৩২) ।

দেশত সংক্রমণৰ সংখ্যা কমি থকাত ক’ভিড বিধি শিথিল কৰিছে প্রতিখন ৰাজ্য‌ই । কিন্তু চীন আৰু আমেৰিকাত ক’ভিডৰ সংক্রমণ পুনৰ বৃদ্ধি পোৱাত কেৰালা, দিল্লী, মহাৰাষ্ট্র, হৰিয়ানা আৰু মিজোৰাম চৰকাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে । পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিবলৈ পৰামর্শ দিছে কেন্দ্রই । কিয়নো দেশৰ ভিতৰত এই ৰাজ্যসমূহত সংক্রমণৰ সংখ্যা তুলনামূলকভাৱে অধিক ।

Exit mobile version