আটলাচৰ কিছু ঔষধি গুণ

★ডায়েৰীয়া হ’লে আটলাচৰ পাতৰ কাঢ়া বনাই উপশম নােহােৱালৈকে কম পৰিমাণে খাব লাগে ।

★নিয়মীয়াকৈ আটলাচ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্রনত থাকে ।

★মধুমেহ ৰােগীয়ে আটলাচৰ পাত শুকুৱাই গুড়ি কৰি খাব পাৰে ।

★চালত হােৱা বিভিন্ন ধৰনৰ ঘা, খজুৱতিৰ বাবে আটলাচ শুকোৱাই গুড়ি কৰি পেষ্ট বনাই লগাব লাগে।এনে কৰিলে উপশম পোৱা যায় ।

★চুলিত ওকনি হ’লে, ইয়াত থকা বীজ পিচি লগাব লাগে ।

★ওজন বৃদ্ধি কৰিবলৈ আগ্ৰহী লোকে আটলাচৰ লগত মৌ মিহলাই খাব লাগে।

★গাঁঠি ওখহা ৰােগত পকা আটলাচ কাটি নিমখ মিহলাই পেষ্ট বনাই লগাব লাগে।

★ আটলাচত কপাৰ আৰু ফাইবাৰ আছে বাবে পাচন তন্ত্র শক্তিশালী কৰে।

Exit mobile version