গভীৰ সমুদ্ৰৰ পৰা জালত উঠি আহিল ‘ড্ৰেগন’ !

bizarre dragon like fish pulled from the depths of the norwegian sea identified

সঁচাকৈয়ে ড্রেগনৰ আবিৰ্ভাৱ ঘটিছে। সম্প্রতি সামাজিক মাধ্যমত এই চর্চাই চলিছে। গভীৰ সমুদ্রত জাল পেলােৱাৰ লগে লগেই উঠি আহিল এটা আজৱ চেহেৰাৰ প্রাণী।

দেখাত ড্রেগনৰ দৰে প্ৰাণীটোক কেন্দ্ৰ কৰিয়ে সম্প্রতি সামাজিক মাধ্যমত তােলপাৰ লাগিছে। নৰ’ৱেৰ ট্র’মছ’ৰ সাগৰত মাছ ধৰিছিল ৰােমান ফেডােৰষ্ট’ভ নামৰ এজন মাছমৰীয়াই।

হঠাতে নিজৰ জালত ডাঙৰ ডাঙৰ চকু, ড্রেগনৰ দৰে মুখ থকা এক আচহুৱা প্রাণী দেখি ৰােমান আতংকিত হৈ পৰে। আকাৰ যদিও ক্ষুদ্র, তথাপি দেখাত ভয়ানক আছিল প্রাণীটো।

গুলপীয়া ৰঙৰ প্ৰাণীটোৰ দীঘল নেজ আৰু পাখিও আছে। হঠাৎ দেখিলে সাগৰৰ পৰা ড্রেগন উঠি অহা যেনেই লাগিব। ৰােমানেও প্রথমে ইয়াক ড্রেগন বুলিয়েই ভাবিছিল যদিও পাছতহে প্রাণীটোৰ পৰিচয় পােহৰলৈ আহে।

আচলতে এই প্রাণী হৈছে গভীৰ সাগৰত বাস কৰা এবিধ বিৰল প্ৰজাতিৰ মাছ। ইয়াৰ নাম কিমাই। লগতে ‘ঘােষ্ট শ্বার্ক’ বুলিও কোৱা হয়। বহুতে মন্তব্য কৰিছে যে ইয়াক দেখিলে ড্রেগনৰ কণী ফুটি পােৱালি ওলােৱা যেন লাগে।

Exit mobile version