জনীয়া-বাংলীপাৰা-বানিয়াৰাপাৰা গড়কাপ্তানী পথৰ জৰাজীৰ্ণ ৰূপ

যাতায়তত নৰক যন্ত্ৰণা ভোগ ৰাইজৰ, শীঘ্ৰে মেৰামতিৰ দাবী

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত জনীয়া-বাংলীপাৰা-বানিয়াৰাপাৰা গড়কাপ্তানী পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ।

জনীয়া চকৰ পৰা বানিয়াৰাপাৰা সাপ্তাহিক বজাৰলৈ চাৰি কিলোমিটাৰ পথৰ প্ৰায় তিনি কিলোমিটাৰ পথত শ শ গাতৰ সৃষ্টি হোৱাত যানবাহন চলাচলৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । এজাক বৰষুণ দিলেই পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত সৰু যানবাহন চলা চলাচলৰ ক্ষেত্ৰতো চৰম অসুবিধা হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে ।

জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । অচিৰেই পথছোৱাৰ মেৰামতি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে ৰাইজে । আনহাতে, বিগত ১০ বছৰে পথছোৱা মেৰামতি নকৰাৰ বাবেই পথছোৱাত শ শ গাতৰ সৃষ্টি হোৱা বুলি কয় স্থানীয় ৰাইজে ।

Exit mobile version