জানেনে জালুকৰ এই সমূহ চমৎকাৰী উপকাৰিতা !

where does black pepper come from 1000x 1

★জ্বৰৰ পৰা নিৰাময় পাবলৈ জালুক অন্যতম। তুলসীৰ স’তে জালুক দিয়া চাহ বনাই খালে জ্বৰ ভাল হয়।

★নিমোনিয়া, পানীলগা, কাঁহ, শ্বাস ৰোগ আদিৰ বাবে উপকাৰী। এই ৰোগ সমূহ হ’লে এচামুচ মৌ লগত তিনিটা বা চাৰিটা জালুক গুড়ি কৰি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে খালে এই ৰোগ সমূহৰ পৰা ৰেহাই পোৱা যায়।

★মূৰ বিষৰ বাবে জালুকৰ উপকাৰিতা । এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰ বিষ দূৰ হয়।

★ৰক্তচাপ ৰোগত ভোগা লোকৰ বাবে উপকাৰী। ৰক্তচাপ ৰোগ থকা ব্যক্তি সকলে দিনত দুই – তিনিবাৰকৈ, চাৰি – পাঁচটা জালুকৰ স’তে ১৫ নহ’লে ২০ টা মান খিচমিচ সেৱন কৰিব লাগে।

★চকুৰ দৃষ্টশক্তি বৃদ্ধিৰ বাবে জালুক উপকাৰী। এচামুচ জালুকৰ স’তে অলপমান ঘিউ মিহলাই পুৱা আৰু গধূলি নিয়মীয়াকৈ সেৱন কৰিলে চকুৰ দৃষ্টি বাঢ়ে।

★জালুকৰ এক উৎকৃষ্ট উপকাৰ হ’ল ওজন হ্ৰাস । শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক।

★শৰীৰৰ বিষ :শৰীৰত বিষ আদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত জালুকৰ উপকাৰিতা দেখা যায়। শৰীৰত বিষ হ’লে ভেদাইলতা পাতৰ বা ঠাৰিৰ ৰসৰ সৈতে জালুক গুৰি অলপ মিহলাই একেৰাহে দিনত দুবাৰকৈ তিনি – চাৰিদিনমান প্ৰায়ে খালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।

Exit mobile version