Accident : দেওঘৰৰ ত্রিকূট পাহাৰত ৰোপৱে দুর্ঘটনা ! মৃত্যু দুই মহিলাৰ, এতিয়াও আবদ্ধ ৪৭ পর্যটক

deoghar ropeway 1649657685

দেওঘৰৰ ত্রিকূট পাহাৰত ভয়াবহ ৰোপৱে দুর্ঘটনা । এই দুৰ্ঘটনাত দুই মহিলাৰ মৃত্যু হৈছে । গুৰুতৰভাৱে আহত ১০ জন । আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে ।

দেওবাৰে সন্ধিয়া এই দুর্ঘটনা সংঘটিত হৈছে । তাৰ পাছৰ পৰা সোমবাৰ দুপৰীয়া পর্যন্ত ৪৭ জন এই ৰোপৱেত আবদ্ধ হৈ আছিল ।

দুর্ঘটনাৰ খবৰ পাই তৎপৰ হৈছে প্রশাসন । ঘটনাস্থলত উপস্থিত হৈছে প্রশাসনিক বিষয়াসকল । তলব কৰা হেছে দুৰ্ঘটনা প্ৰশমন বাহিনীকো । লগতে সেনা আৰু অৰ্ধসেনা মোতায়েন কৰা হৈছে । উদ্ধাৰকাৰ্যত নামিছে বায়ুসেনাৰ দুটা কপ্টাৰ ।

দেওঘৰত এটা পাহাৰৰ পৰা অন্য পাহাৰত যাবৰ বাবে এই ৰোপৱে ব্যৱহাৰ কৰা হয় । পর্যটকসকলৰ বাবে এই ৰোপৱে যাত্রা বেছ জনপ্রিয়ও । প্রাথমিকভাৱে জানিব পৰা গৈছে, দেওবাৰে সন্ধিয়া ত্রিকূট পাহাৰৰ এই ৰোপৱেৰ দুটা ট্রলিত সংঘর্ষ হয় । ফলত দুই পর্যটকৰ মৃত্যু হয় আৰু ১২টা ট্রলিত আবদ্ধ হৈ পৰে মুঠ ৪৮ জন পর্যটক । তেওঁলোক গোটেই নিশা এই ৰোপৱেতে আবদ্ধ হৈ থাকে ।

উদ্ধাৰকাৰ্যত নামিছে বায়ুসেনাৰ কপ্টাৰ । কিন্তু তীব্ৰ বতাহৰ বাবে ব্যাহত হৈছে উদ্ধাৰকাৰ্য । সম্প্ৰতি ৰোপৱে সেৱা বন্ধ ৰখা হৈছে ।

সোমবাৰে বিয়লি এই প্রতিবেদন লিখা পর্যন্ত আবদ্ধ হৈ থকা পর্যটকসকলক পানীৰ যোগান ধৰা হৈছে । দেওবাৰে সন্ধিয়া দুর্ঘটনাৰ পাছতো ঘটনাস্থলত কোনো চৰকাৰী বিষয়া বা ৰাজ্যৰ মন্ত্রী উপস্থিত হোৱা নাই বুলি অভিযোগ । যদিও সেই অভিযোগ খাৰিজ কৰিছে ঝাড়খণ্ডৰ মন্ত্রী হাফিজুল হাছানে । তেওঁ কয়, ‘‘পুৱাৰ পৰা উদ্ধাৰকাৰ্য চলিছে । ম‌ই ঘটনাস্থলত উপস্থিত হৈছো ।’’

ঝাড়খণ্ডৰ পর্যটন বিভাগৰ সচিব অমিতাভ কৌশলে কয়, ‘‘এতিয়াও ট্রলিত ৪৮ জন আবদ্ধ হৈ আছে । ইয়াৰ উপৰি ১০ জন আহত হৈছে । সম্প্ৰতি এজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।’’ ঘটনাৰ তদন্তৰ নির্দেশ দিয়া হ’ব বুলি ঝাড়খণ্ড ৰাজ্য প্রশাসন সূত্রে জানিব পৰা গৈছে ।

Exit mobile version