Gujarat : গুজৰাটৰ ৰাসায়নিক কাৰখানাত বিস্ফোৰণ, মৃত ছয় শ্রমিক

chemical

গুজৰাটৰ ভাৰুচ জিলাত এটা ৰাসায়নিক কাৰখানাত বিস্ফোৰণত মৃত্যু হ’ল ছয় শ্রমিকৰ । আহমেদাবাদৰ পৰা প্রায় ২৩৫ কিলোমিটাৰ দূৰত্বত দাহেজ শিল্পাঞ্চল অঞ্চলত অৱস্থিত এই কাৰখানাত সোমবাৰে নিশা তিনি বজাত এই ঘটনাটো সংঘটিত হৈছে ।

ভাৰুচৰ আৰক্ষী ছুপাৰ লীনা পেটেলে জনাইছে, ছজন শ্ৰমিকে এটা চুল্লিৰ কাষত কাম কৰিছিল । তাত পাতন প্রক্রিয়া চলাকালীন হঠাৎ বিস্ফোৰণ ঘটে । অগ্নিদগ্ধ হৈ মৃত্যু হয় এই শ্রমিকসকলৰ ।

লীনাই কয়, ‘‘চুল্লিত বিস্ফোৰণৰ ফলত কাৰখানাত জুই লাগি যায় । চুল্লিৰ কাষত কর্মৰত ছজনৰ গোটেইকেইজনৰে মৃত্যু হয় । পাছত মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয় । ইতিমধ্যে জুই নিয়ন্ত্রণত অনা হৈছে ।’’

উল্লেখ্য এই ছজনৰ বাহিৰে কোনো আহত বা নিহত হোৱা নাই ।

কি কাৰণত এই বিস্ফোৰণটো সংঘটিত হ’ল সেয়া জানিবলৈ ইতিমধ্যে তৎপৰ হৈছে প্রশাসন ।

Exit mobile version