Shiv Kumar Subrahmanyam : পুত্ৰ মৃত্যুৰ দুমাহৰ ভিতৰতে প্ৰয়াত ‘টু ষ্টেটছ’খ্যাত অভিনেতা শিৱকুমাৰ সুব্ৰমনিয়াম

Shiv Kumar Subramaniam 1200

প্ৰয়াত প্ৰবীণ অভিনেতা-চিত্ৰনাট্যকাৰ শিৱকুমাৰ সুব্ৰমনিয়াম। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল অভিনেতাজন। দেওবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে শিৱকুমাৰে।

সোমবাৰে পুৱা মোক্ষধাম হিন্দু শ্মশানত অভিনেতাজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

‘টু ষ্টেটছ’ত আলিয়া ভট্টৰ পিতৃ আৰু ‘মীনাক্ষী সুন্দৰেশ্বৰ’ত ছানিয়া মালহোত্ৰাৰ ককাকৰ চৰিত্ৰত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল তেওঁ । ইয়াৰ উপৰিও, শিৱকুমাৰে ১৯৮৯ চনৰ ‘পৰিন্দা’, সুধীৰ মিশ্ৰৰ ‘হাজাৰো খোয়াইছে আইচি’ৰ দৰে চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখিছিল। তেওঁ সেই দুয়োখন চলচ্চিত্ৰতে অভিনয়ো কৰিছিল। লগতে কেবাখনো ধাৰাবাহিকত তেওঁক দেখা গৈছে।

মাত্ৰ দুমাহ পুৰ্বেই নিজৰ পুত্ৰক হেৰুৱাইছে শিৱকুমাৰে । ১৬ বছৰীয়া জন্মদিনৰ দুসপ্তাহ আগতে ব্ৰেইন টিউমাৰৰ ফলত মৃত্যু হয় জাহান।

পৰিচালক হনসল মেহতা, অভিনেতা ৰণবীৰ শোৰে, পৰিচালক-সাংবাদিক বীণা চাৰৱাৰ, অভিনেতা মনোজ বাজপেয়ী আৰু অন্যান্য শিল্পীসকলেও শিৱকুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে।

Exit mobile version