অন্তর্বর্তী চৰকাৰ গঠনৰ বৈঠক ব্যর্থ শ্রীলংকাত

SRI LANKA CRISIS

শ্রীলংকাৰ এই চৰম অর্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ সমাধানত দেওবাৰে বৈঠকত মিলিত হৈছিল ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষ আৰু স্বাধীন ৪২ জন সাংসদ । বৈঠকত আছিল প্রাক্তন ৰাষ্ট্ৰপতি মৈত্রীপাল শ্রীসেনাও । কিন্তু সেই আলোচনা একেবাৰে ফলপ্রসূ হোৱা নাই বুলি সূত্রে খবৰ । বৈঠকত কোনো সমাধানসূত্র যিহেতু পোৱা নাই, সেয়ে ঠিক কৰা হৈছে শ্রীলংকাৰ নতুন বছৰ, অর্থাৎ অহা ১৪ এপ্রিলৰ পাছত পুনৰ বৈঠকত মিলিত হ’ব । প্রসংগত, ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষৰ ওপৰত চাপ আহিছে পদত্যাগ দিয়াৰ । কিন্তু তেওঁ অটল ।

সাংবাদিকৰ প্রশ্নৰ উত্তৰত শ্রীসেনাই জনাইছে, বৈঠকৰ মূল উদ্দেশ্য আছিল দেশৰ প্রশাসনত ৰাজাপক্ষৰ ক্ষমতা হ্রাস কৰি এটা সর্বদলীয় অন্তর্বর্তী চৰকাৰ গঠন কৰা । বৈঠকৰ আগতে জোটসংগী দলবোৰে ৰাষ্ট্ৰপতিক এখন পত্ৰ প্ৰেৰণ কৰে । পত্ৰত ১১টা ৰাজনৈতিক আৰু অর্থনৈতিক বিষয়ৰ উপৰিও দাবী কৰা হৈছিল, প্রধানমন্ত্রী মহিন্দা ৰাজাপক্ষক অবিলম্বে প্ৰত্যাহাৰ কৰি নতুন প্রধানমন্ত্রী আৰু মন্ত্রীসভা গঠন কৰা । সেই বিষয়বোৰ বাৰে বাৰে আলোচনাত উত্থাপিত হৈছে ।

স্বাধীন জোঁটৰ এজন সদস্য বাসুদেৱ নানাইয়াক্কৰ জনায়, ১১টা বিষয় লৈয়েই আলোচনা হৈছে ৰাজাপক্ষৰ স’তে । উল্লেখ্য, বাসুদেৱসহ ৪২ জন সাংসদে বিগত সপ্তাহতেই ৰাজাপক্ষৰ প্রশাসনৰ পৰা নিজকে স্বাধীন বুলি দাবী কৰিছে ।

আজিৰ বৈঠকত সাংসদসকলে দেশৰ অৱস্থাৰ উন্নতিৰ বাবে সর্বদলীয় ৰাষ্ট্ৰীয় কার্যনির্বাহী পৰিষদ গঠন কৰাৰ প্রস্তাৱ দিয়ে । ৰাজাপক্ষ‌ই জনায়, যিবোৰ প্রস্তাৱ সংবিধান বিৰোধী তেওঁ সেইবোৰ মানি নলয়, তাৰ মাজত এই কার্যনির্বাহী পৰিষদ গঠনৰ বিষয়টোও পৰিছে । সোমবাৰে দেশৰ অর্থনৈতিক দুৰৱস্থাৰ কাৰণ হিচাপে অতিমাৰী আৰু তলাবন্ধকেই দোষাৰোপ কৰিলে প্রধানমন্ত্রী ৰাজাপক্ষ‌ই । তেওঁ কয়, অতিমাৰীৰ কাৰণে দেশৰ অর্থনৈতিক অৱস্থা দুর্বল হৈছে, তদুপৰি একেৰাহে তলাবন্ধ । সেয়ে বৈদেশিক মুদ্রাসহ একাধিক অর্থনৈতিক সংকটে দেখা দিছে ।

Exit mobile version