গুৱাহাটী মহানগৰ অস্থায়ী কৰ্মচাৰী ও শ্ৰমিক সন্থাৰ প্ৰতিবাদ

চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য আদায়ৰ দাবী

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী মহানগৰ অস্থায়ী কৰ্মচাৰী ও শ্ৰমিক সন্থাই আজি মহানগৰৰ পানবজাৰ পানী শোধন কেন্দ্ৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

অভিযোগ অনুসৰি, অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী দুই নং সংমণ্ডলত কৰ্মৰত অবৈতনিক শ্ৰমিক কৰ্মচাৰীসকলৰ অধিকাংশই শ্ৰমৰ বিনিময়ত কোনো মাননি বা দৰমহা লাভ কৰা নাই । ফলত শ্ৰমিকসকলে অতি উদ্বেগজনক পৰিস্থিতিত দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

উল্লেখ্য যে, এই কৰ্মচাৰীসকলে কামৰূপ মহানগৰ জিলাৰ বিশেষকৈ গুৱাহাটীৰ দুই নং সংমণ্ডলৰ উপকণ্ঠ অঞ্চলত আৰু অতি গুৰুত্বপূৰ্ণ স্থানত পানীৰ যোগান ধৰি আহিছে । বিশেষকৈ সংমণ্ডলটোৰ অবৈতনিক শ্ৰমিক কৰ্মচাৰীয়ে – গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল, অসম জনতা ভৱন, আই এছ কলনী, কৃষি বিশ্ববিদ্যালয়, খানাপাৰা ভেটেনাৰী কলেজ, ৰাজ্যিক চিৰিয়াখানা, সৰুসজাই ষ্টেডিয়াম, গুৱাহাটী বিশ্ববিদ্যালয়, পানবজাৰ পানী শোধনাগাৰ, জালুকবাৰী পানী শোধনাগাৰ, এম এল এ হোষ্টেল, কাহিলীপাৰাত নিয়মীতভাৱে পানী যোগান ধৰি আহিছে ।

প্ৰতিবাদকাৰী শ্ৰমিক কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰক দাবী জনাইছে যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু তেওঁলোকৰ প্ৰাপ্য আদায় দিব লাগে ।

Exit mobile version