‘চৌকিদাৰ চোৰ হ্যে’ : ইমৰানৰ সমৰ্থনত এইবাৰ সেনাৰ বিৰুদ্ধে শ্ল’গান উঠিল পাকিস্তানত

11imrn

‘চৌকিদাৰ চোৰ হ্যে’ । ৰাফেল কাণ্ডত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰায়েই কটাক্ষ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । এইবাৰ সেই শ্ল’গানেই শুনা গ’ল প্ৰতিবেশী দেশ পাকিস্তানত ।

অৱশ্যে পাকিস্তানৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিপক্ষে নহয়, বৰঞ্চ ইমৰান খানৰ সমৰ্থনত ওলাই আহি দেশখনৰ সেনাবাহিনীক এইদৰে আক্ৰমণ কৰিলে একাংশ সমৰ্থকে । অনাস্থা ভোটত খানৰ চৰকাৰ ভংগ হোৱাৰ পাছত তেওঁৰ সমৰ্থকে পঞ্জাৱ প্ৰদেশৰ লাল হাভেলীত এইদৰে ধৰ্ণা দিয়ে ।

শনিবাৰে নিশা অনাস্থাত খান চৰকাৰ ভংগ হোৱাৰ পাছত টেহৰিক-ই-ইনছাফৰ নেতা-কৰ্মীসকল দেওবাৰে লাল হাভেলীত সমবেত হয় । তাতেই খান চৰকাৰৰ কেবিনেটৰ প্ৰাক্তন মন্ত্ৰী ৰছিদে ভাষণ ৰাখিবলৈ থিয় হোৱাৰ লগে লগে সমৰ্থকসকলে ‘চৌকিদাৰ চোৰ হ্যে’ ধ্বনি দিয়ে ।

পাক সেনাৰ অভিসন্ধিতে খানৰ প্ৰধানমন্ত্ৰীত্ব যোৱা বুলি তেওঁলোকে অভিযোগ কৰে । ভাইৰেল হোৱা এটা ভিডিঅ’ত ৰছিদে কোৱা শুনা গৈছে যে ২৯ এপ্ৰিলৰ পৰা ‘জেল ভৰো’ আন্দোলন আৰম্ভ কৰিব ।

Exit mobile version