থলুৱাভাৱে নিৰ্মিত ক্ষেপণাস্ত্ৰ হেলিনাৰ সফল পৰীক্ষণ

pti04 11 2022 000208b 1649733170

ভাৰতে স্থানীয়ভাৱে নিৰ্মিত কামান প্ৰতিৰোধ ক্ষেপণাস্ত্ৰ (এটিজিএম) ক্ষেপণাস্ত্ৰ হেলিনাৰ পৰীক্ষামূলক সফল পৰীক্ষণ কৰিবলৈ সক্ষম হয় । দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰিছে ।

ৰাজস্থানৰ পোখৰানত এলানি পৰীক্ষাৰ প্ৰেক্ষাপটত এই শেহতীয়া পৰীক্ষণ কৰা হয় । ই সাত কিলোমিটাৰ নিলগৰ লক্ষ্যত আঘাত কৰিব পাৰে ।

দেশৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’), ভাৰতীয় বায়ুসেনা আৰু সেনাই যৌথভাৱে এই পৰীক্ষা সম্পন্ন কৰে । অৱসৰপ্ৰাপ্ত এয়াৰ ভাইচ মাৰ্চেল তথা বায়ুশক্তি অধ্যয়ন কেন্দ্ৰ (চেণ্টাৰ ফৰ এয়াৰ পাৱাৰ ষ্টাডিজ)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান অনিল গোলানীয়ে কয় যে এই সফল পৰীক্ষণে আমাৰ থলুৱা অস্ত্ৰ নিৰ্মাণৰ সক্ষমতা প্ৰমাণিত কৰিলে ।

Exit mobile version