নিজৰ নোমেৰে তৈয়াৰী জোতাৰ বাবেই তাৰকাত পৰিণত মেকুৰী পোৱালি

Cat

এটা মেকুৰী পোৱালিৰ হেজাৰ হেজাৰ ভক্ত । আনকি সম্প্ৰতি ইউটিউবৰ নতুন তাৰকাত পৰিণত হৈছে মিনাৰা নামৰ জাপানৰ এবছৰীয়া মেকুৰী পোৱালিটো ।

ইতিমধ্যেই তাৰ অনুৰাগীৰ সংখ্যাই ৮৫ হেজাৰ অতিক্ৰম কৰিছে । নিশাৰ ভিতৰতে মিনাৰা জনপ্ৰিয় হৈ পৰাৰ প্ৰধান কাৰণটো হৈছে মেকুৰীটোৰ নিজৰ নোমৰ দ্বাৰাই তৈয়াৰ কৰা তাৰ জোতাযোৰ ।

এই জোতাৰ ফটো গৰাকীয়ে প’ষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে । মিনাৰাৰ শৰীৰৰ পৰা সৰি পৰা নোম সংগ্ৰহ কৰিয়েই জাপানী মহিলা এগৰাকীয়ে তাৰ বাবে এযোৰ জোতা তৈয়াৰ কৰিছে । সেই জোতা আনকি মিনাৰাই পিন্ধিছেও ।

লগতে নিজৰ পোহনীয়া মেকুৰীটোৰ জোতাযোৰ সযতনে ৰখাৰ বাবে মহিলাগৰাকীয়ে এটা কাচৰ বাকচৰো ব্যৱস্থা কৰিছে । একাংশ ফটোত মিনাৰাই পঢ়া-শুনা কৰি থকাও দেখা গৈছে ।

Exit mobile version