Chennai IT Firm : ১০০ জন কৰ্মচাৰীক গাড়ী উপহাৰ দিলে চেন্নাইৰ এটা তথ্যপ্রযুক্তি কোম্পানীয়ে !

jfnoh3to chennaibased it firm ideas2it gifts maruti suzuki cars to its 100

কোম্পানীৰ উন্নতি আৰু সাফল্যৰ অৱদানৰ বাবে ১০০ জন কৰ্মচাৰীক গাড়ী উপহাৰ দিলে চেন্নাইৰ এটা তথ্য প্ৰযুক্তিৰ কোম্পানীৰ মালিকে ।

সেই আইটি কোম্পানীত কৰ্মচাৰীৰ সংখ্যা ৫০০। মালিক মুৰলী বিবেকানন্দনে জনাই যে গাড়ী উপহাৰ দিয়া ১০০ জন কৰ্মচাৰীয়ে যোৱা ১০ বছৰত কোম্পানীৰ প্ৰগতি আৰু সফলতাৰ বাবে তেওঁলোকৰ সকলো খিনি দিছে।

তেওঁ কয়, “আমি তেওঁলোকক গাড়ী উপহাৰ দিয়া নাই। কৰ্মচাৰীসকলে তেওঁলোকৰ নিজৰ যোগ্যতাৰ ভিত্তিত গাড়ী পাইছে ।”

বিবেকানন্দনে জনাই যে সাত বছৰ আগতে প্ৰতিশ্ৰুতি দিয়া হৈছিল যে যদি কোম্পানীটোৱে লক্ষ্য পূৰণ কৰিব পাৰে, কৰ্মচাৰীসকলক এটা ডাঙৰ পুৰস্কাৰ দিয়া হ’ব।

সেই বছৰে আহিল সেই সুযোগটো । গতিকে কোম্পানীটোৱে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিছে । সেয়েহে কোম্পানীটোৰ সফলতাৰ স’তে জড়িত কৰ্মচাৰীসকলক গাড়ী দিয়াৰ সিদ্ধান্ত লৈছিল।

অৱশ্যে, কোম্পানীটোৰ গৰাকীয়ে কয় যে গাড়ী এখন দিয়াটো উপহাৰটোৰ প্ৰথম পদক্ষেপ। আগন্তুক দিনত অধিক কৰ্মীক উপহাৰ দিয়া হ’ব আৰু ধাৰণাটো হ’ল তাতকৈ ডাঙৰ কিবা দিয়া। কৰ্মচাৰীসকলে এনে ধৰণৰ অপ্ৰত্যাশিত পুৰস্কাৰ লাভ কৰি বহুত সুখী।

প্ৰসাদ নামৰ এজন কৰ্মচাৰীয়ে কয়, “কোম্পানীৰ পৰা উপহাৰ পোৱাৰ আনন্দই বেলেগ। প্ৰতি বছৰে, বিভিন্ন অনুষ্ঠানত, কেতিয়াবা কোম্পানীয়ে সোণৰ মুদ্ৰা, কেতিয়াবা আইফোন উপহাৰ দিয়ে। এইবাৰ গাড়ী উপহাৰ দিছে। যিটো আমাৰ বাবে সঁচাকৈয়ে গুৰুত্বপূৰ্ণ ।”

Exit mobile version