দেওঘৰৰ ত্রিকূট পাহাৰত ৰোপৱেত উদ্ধাৰকাৰ্যৰ সময়ত ৰচি চিঙি মৃত্যু হ’ল এগৰাকী মহিলা পর্যটকৰ । এই ঘটনাত মৃত্যুৰ সংখ্যা বাঢ়ি হ’ল মুঠ চাৰিজন । মঙলবাৰে পুৱাই পুনৰ উদ্ধাৰকাৰ্য আৰম্ভ হয় । তেতিয়াই এই দুর্ঘটনা ঘটে । ৰচি চিঙি তলত মাটিত পৰে এই মহিলা পর্যটকগৰাকী । গুৰুতৰভাৱে আহত অৱস্থাত হাস্পাতালত লৈ যোৱাত চিকিৎসকসকলে মৃত ঘোষণা কৰে । আৰক্ষী সূত্রে খবৰ, মৃত ব্যক্তিগৰাকী জাউছাগঢ়ীৰ বাসিন্দা ।
সোমবাৰে উদ্ধাৰকাৰ্য চলোৱাৰ সময়ত ভাৰতীয় বায়ুসেনাৰ উদ্ধাৰকাৰী কপ্টাৰৰ পৰা পেলোৱা ৰচিত ধৰি থকাৰ পৰা পিছলি ডেৰ হেজাৰ ফুট উচ্চতাৰ পৰা তলত পৰি মৃত্যু হৈছিল এক পর্যটকৰ । চাৰি পর্যটকৰ মৃত্যু হয় যদিও বাকীসকলক নিৰাপদে তলত নমোৱা হৈছে বুলি জনাইছে উদ্ধাৰকাৰীসকলে । প্রায় ৪৮ ঘণ্টা পাছত উদ্ধাৰকাৰ্য সম্পন্ন হৈছে ।
#IAF has recommenced rescue operations at Deoghar ropeway early morning today.
Efforts are on to rescue each and every stranded person at the earliest.#HarKaamDeshKeNaam pic.twitter.com/06PTraKHBC
— Indian Air Force (@IAF_MCC) April 12, 2022
দেওঘৰ আৰক্ষীৰ ডেপুটি কমিছনাৰ মঞ্জুনাথ ভজনত্রিয়ে জনাইছে, সোমবাৰে সূর্যাস্তৰ পাছত উদ্ধাৰকাৰ্য বন্ধ কৰিবলগীয়া হয় । সন্ধিয়াৰ পাছত উদ্ধাৰকাৰ্য বন্ধ কৰা হয় যদিও আবদ্ধ হৈ থকা পর্যটকসকলক ড্র’নৰ মাধ্যমত খাদ্যৰ যোগান দিয়াৰ ব্যৱস্থা কৰা হয় ।
ত্রিকূট পাহাৰৰ এই ৰোপৱেত এটা জনপ্রিয় পর্যটনস্থল । দেওবাৰে সন্ধিয়া ত্রিকূট পাহাৰৰ ৰোপৱেত দুটা ট্রলিৰ মাজত সংঘৰ্ষ হয় । ফলত দুই মহিলা পর্যটকৰ মৃত্যু হয় । সোমবাৰে মৃত্যু হয় আন এগৰাকী পর্যটকৰ ।
ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছৰেনে এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্তৰ নির্দেশ দিছে ।