Pakistan : পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীক শুভেচ্ছাবাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰত্যুত্তৰত কাশ্মীৰ সমস্যাৰ নিষ্পত্তিৰ আহ্বান জনালে শ্বাহবাজে

modi shahbaj 2204120316

ইমাৰান খানৰ পাছত শ্বাহবাজ শ্বৰিফক পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছে । সোমবাৰে পাকিস্তানৰ নতুন প্রধানমন্ত্রীক টুইটাৰত অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শুভেচ্ছাবাৰ্তা জনাই তেওঁ লিখে, ‘ভাৰতে সন্ত্রাসমুক্ত আঞ্চলিক শান্তি আৰু স্থিতিশীলতা বিচাৰে, যাতে আমি উন্নয়নত মনোনিবেশ কৰিব পাৰো আৰু আমাৰ জনগণৰ কল্যাণ আৰু সমৃদ্ধি নিশ্চিত কৰিব পাৰো ।’

নতুন দিল্লীৰ স’তে অশান্তিৰ পথ অৱলম্বন কৰিব নিবিচাৰে ইছলামাবাদেও । প্রধানমন্ত্রী মোদীৰ শুভেচ্ছাবার্তাৰ উত্তৰত মঙলবাৰে এ কথা জনালে পাকিস্তানৰ নতুন প্রধানমন্ত্রী শ্বৰিফে । আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ স্বার্থত কাশ্মীৰ সমস্যাৰ সমাধান প্রয়োজন বুলিও তেওঁ জনাইছে ।

আজি উত্তৰত শ্বাহবাজৰ টুইট, ‘শুভেচ্ছাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ । ভাৰতৰ স’তে শান্তিপূর্ণ আৰু সহযোগিতামূলক সম্পর্ক বিচাৰে পাকিস্তানে । জম্মু আৰু কাশ্মীৰসহ অমীমাংসিত বিৰোধৰ শান্তিপূর্ণ সমাধানো অপৰিহার্য ।’’

লগতে ইছলামাবাদৰ বিৰুদ্ধে উঠা সন্ত্রাস সমৰ্থনৰ অভিযোগ খাৰিজ কৰি শ্বাহবাজে লিখিছে, ‘সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত পাকিস্তানৰ আত্মত্যাগ সর্বজনবিদিত । আহক শান্তি সুৰক্ষিত কৰো আৰু আমাৰ জনগণৰ আর্থ-সামাজিক উন্নয়নত মনোনিবেশ কৰো ।’’

Exit mobile version