Train Mishap : কোণার্ক এক্সপ্রেছৰ খুন্দাত অন্ধ্রপ্রদেশত মৃত ছয়, আহত কে’বাজনো

1286458 konark

অন্ধ্রপ্রদেশত এক্সপ্রেছ ট্রেইনৰ খুন্দাত মৃত্যু হ’ল অন্য এটা ট্রেইনৰ ছয় যাত্রীৰ । সোমবাৰে গভীৰ নিশা ঘটনাটো সংঘটিত হৈছে শ্রীকাকুলামত । এই ঘটনাত আহত হৈছে আৰু কিছু সংখ্যক যাত্রী ।

আৰক্ষী সূত্রে খবৰ, শ্রীকাকুলামৰ বটুয়া গ্রামৰ কাষত যান্ত্রিক সমস্যাৰ বাবে ৰখি গৈছিল গুৱাহাটীমুখী ছুপাৰফাষ্ট এক্সপ্রেছ । ট্রেইন ৰখি যোৱাত কে’বাজনো যাত্রী ৰেললাইনত নামি থিয় হৈ আছিল । সেই মুহূর্ততে বিপৰীত দিশৰ পৰা দ্রুত গতিত আহে কোণার্ক এক্সপ্রেছ । কোনোৱে কোনোৱে পলাবলৈ সুযোগ পায় যদিও বহু যাত্রী ৰেললাইনৰ পৰা আঁতৰি অহাৰ আগতেই তেওঁলোকক কোণার্ক এক্সপ্রেছে খুন্দিয়াই । সেই খুন্দাত গুৱাহাটীমুখী ছুপাৰফাষ্ট এক্সপ্রেছৰ ছয় যাত্রীৰ ঘটনাস্থলতেই মৃত্যু হয় । কে’বাজনো আহত হয় ।

শ্রীকাকুলাম জিলাৰ আৰক্ষী ছুপাৰ জি ৰাধিকাই সংবাদ সংস্থা পিটিআই-ক কয়, “প্রাথমিকভাৱে সন্দেহ কৰা হৈছে গুৱাহাটী এক্সপ্রেছৰেই কিছুসংখ্যক যাত্রীয়ে চেইন টানি ট্রেইনখনক ৰখায় । ট্রেইন ৰখাৰ লগে লগেই কিছুসংখ্যক লোকে ৰেললাইন পাৰ কৰাৰ চেষ্টা কৰিছিল । তেতিয়াই বিপৰীত দিশৰ পৰা অহা কোণার্ক এক্সপ্রেছৰ খুন্দাত মৃত্যু হয় ছজনৰ ।” মৃতসকলৰ পৰিচয় জনাৰ চেষ্টা কৰিছে আৰক্ষীয়ে ।

মুখ্যমন্ত্রী জগন্মোহন ৰেড্ডিয়ে এই ঘটনাত দুখ প্রকাশ কৰিছে । তেওঁ আহতসকলক দ্রুত চিকিৎসাৰ বাবে স্থানীয় প্রশাসনক নির্দেশ দিছে ।

Exit mobile version