Uttarakhand Wildfire : উত্তৰাখণ্ডত দাবানলত ধ্বংস লক্ষাধিক টকাৰ সম্পদ

164222 uttarakhand forest fire

উত্তৰাখণ্ডৰ তেহৰি জিলাৰ বনাঞ্চলত দাবানলত বিপুল ক্ষয়ক্ষতি হৈছে । এই অগ্নিকাণ্ডত বনজ সম্পদ নষ্ট হোৱাৰ লগতে বহু পশু-পখীয়ে প্রাণ হেৰুৱাইছে বুলি খবৰ । স্থানীয় পঞ্চায়েতৰ দাবী, দাবানলত কে’বা লাখ টকাৰ বনজ সম্পদ ধ্বংস হৈছে । ইপিনে, মধ্যপ্রদেশৰ এটা অভয়াৰণ্যত এটা বাঘৰ মৃতদেহ উদ্ধাৰ হৈছে । এক পক্ষকালৰ ভিতৰত এই ৰাজ্যত পাঁচটা বাঘৰ মৃত্যু হ’ল ।

স্থানীয় সূত্রৰ খবৰ, কালি সন্ধিয়া তেহৰি জিলাৰ তিৱাৰগাঁও বনাঞ্চলত জুই লাগে । সন্ধিয়াৰ ভিতৰতে সমগ্ৰ বনভূমি জুয়ে গ্রাস কৰে । গাঁও প্রধান বিনোদ ৰাৱতৰ অভিযোগ, কিছু দুর্বৃত্ত‌ই বনত জুই লগায় । সেই জুয়েই সমগ্ৰ বনতে বিয়পি পৰে । প্রাথমিকভাৱে গাঁওবাসীসকলে জুই নোমোৱাৰ চেষ্টা কৰে আৰু বন বিভাগক খবৰ দিয়ে । অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতেই ৰেঞ্জাৰ আশিছ ডিমৰি বাহিনীৰ স’তে ঘটনাস্থলত উপস্থিত । কে’বা ঘণ্টাৰ চেষ্টাৰ পাছত কালি নিশা ন বজাত জুই নিয়ন্ত্ৰণত আহে ।

আশিছ ডিমৰিয়ে জনাইছে, ১০ হেক্টৰ অঞ্চলজুৰি জুই বিয়পি পৰিছিল । এই স্থানৰ গছ-গছনি সম্পূর্ণ ভস্মীভূত হৈছে । প্রচুৰ পশু, পখীৰো মৃত্যু হৈছে ।

উত্তৰাখণ্ডৰ দাবানলে প্রশ্ন উত্থাপন কৰিছে বনজ সম্পদ আৰু বন্যপ্রাণীৰ সুৰক্ষাৰ ওপৰত । মধ্যপ্রদেশৰ চিঅ’নি জিলাৰ পেঞ্চ ব্যাঘ্র অভয়াৰণ্যত (পিটিআৰ) মৃত অৱস্থাত পোৱা গৈছে এই বাঘটোক ।

বিষয়াসকলৰ দাবী, অন্য বাঘৰ স’তে যুঁজাত মৃত্যু হৈছে দুই বছৰ বয়সৰ এই বাঘটোৰ । পিটিআৰ-ৰ ডেপুটি ডিৰেক্টৰ ৰজনীশ কুমাৰ সিঙে জনাইছে, কালি বনাঞ্চলত টহল দিয়াৰ সময়ত এটা দলে কুৰাই ৰেঞ্জত বাঘটোৰ মৃতদেহ দেখা পায় ৷ তেওঁ জনায়, মৃত বাঘটোৰ আগৰ ভৰি দুটাত আৰু দাঁত অক্ষত আছে‌ । ভৰি আৰু নেজৰ অংশ কাষতেই পৰি আছিল । যোৱা দেওবাৰেই বন বিভাগৰ এটা টহলদাৰী দলে এই বনত এটা পূর্ণ বয়স্ক বাঘ দেখা পাইছিল । সম্ভৱত সেই বাঘটোৰ আক্রমণতেই এই বাঘৰ মৃত্যু হৈছে ।

Exit mobile version