মাৰিঅ’পোলত আত্মসমৰ্পণ কৰিলে এক হেজাৰ ইউক্ৰেনীয় সেনাই !

Mariupol 1

মাৰিঅ’পোলত আত্মসমৰ্পণ কৰিছে এক হেজাৰতকৈও অধিক ইউক্ৰেনীয় সৈন্যই ।বুধবাৰে এই দাবী কৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে । পূৱ ইউক্ৰেইনৰ এই বন্দৰ চহৰখন কৌশলগত দৃষ্টিকোণৰ পৰা মস্কোৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত এটা “বিশেষ সামৰিক অভিযান” আৰম্ভ কৰিছিল। প্ৰায় ৫০ দিন ধৰি ৰাছিয়াই ভৌগোলিকভাৱে গুৰুত্বপূৰ্ণ বন্দৰ চহৰ মাৰিঅ’পোলৰ চাৰিওফালে কে’বাটাও আক্ৰমণ চলাই আহিছে।

মস্কোৱে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, “ইউক্ৰেইনৰ ৩৬ তম মেৰিন ব্ৰিগেডৰ এক হেজাৰ ২৬ জন সৈন্যই মাৰিঅ’পোল চহৰত আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ ভিতৰত ১৬২ জন বিষয়া আছে। আত্মসমৰ্পণ কৰা ইউক্ৰেনীয় সৈনিকসকলৰ ভিতৰত ৪৭ গৰাকী মহিলা আছে। “

Exit mobile version