২০ বছৰে গৰু বিহুৱানৰ ব্যৱসায় কৰা গণেশ-দীপাংকৰ

IMG 20220414 152036

নলবাৰীত সুদীর্ঘ ২০ বছৰ ধৰি এহাল ভাই-ককাইয়ে গৰু বিহুৱানৰ ব্যৱসায় কৰি বিশেষ চর্চা লাভ কৰিছে।জিলাখনৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বজালী উদয়পুৰ গাঁৱৰ বাসিন্দা এইহাল ভাই-ককাই হ’ল গণেশ কলিতা আৰু দীপাংকৰ কলিতা।

প্রায় ৫৩ বছৰীয়া গণেশৰ ভ্ৰাতৃ দীপাংকৰৰ বয়স ৪০ বছৰ। দুয়ােৰাে জীৱিকা ব্যৱসায় নহয় যদিও অসমীয়াৰ বাপতি সাহােন ব’হাগ বিহুৰ ঠিক দুসপ্তাহ আগৰ পৰাই দুয়ােজন ভাই-ককাইয়ে গৰু বিহুৱানৰ ব্যৱসায়ত নামি পৰে। উল্লেখ্য যে দিনমজুৰ কৰি পৰিয়াল পােহপাল দিয়া ভাই-ককাইহালে সুদীর্ঘ বছৰে জিলাখনৰ বিভিন্ন বজাৰত এই ব্যাৱসায় কৰি দুপইচা অৰ্জন কৰাৰ উপৰি মানসিক প্রশান্তি লাভ কৰি আহিছে।

গাঁওখনৰ প্রয়াত বিপিন কলিতা আৰু সাবিত্রী কলিতাৰ জ্যেষ্ঠ পুত্র গণেশ আৰু কনিষ্ঠ পুত্র দীপাংকৰ। দুয়ােজনে দিন হাজিৰা কৰি জীৱন নির্বাহ কৰি আহিছে। উল্লেখ্য যে দুয়ােজন ভাই-
ককাইয়ে পিতৃৰ পদাংক অনুসৰণ কৰি সুদীর্ঘ ২০ বছৰে বাপতি সাহােন ৰঙালী বিহুৰ প্ৰাকক্ষণত জিলাখনৰ সাপ্তাহিক বজাৰ আৰু দৈনিক বজাৰত মৰাপাটেৰে তৈয়াৰ কৰা গৰুৰ বিহুৱান পঘা বিক্ৰী কৰি আহিছে।

উল্লেখ্য যে তেওঁলােকৰ পিতৃ প্রয়াত বিপিন কলিতাও সুদীর্ঘ ৫০ বছৰ লােহাৰ সঁজুলি আৰু বহাগ বিহুৰ সময়ত গৰুৰ বিহুৱান বজাৰে বজাৰে বিক্ৰী কৰি জীৱন নির্বাহ কৰিছিল। নলবাৰী হাটখােলা বজাৰত যােৱা এসপ্তাহ ধৰি পদপথত গৰু বিহুৱান মৰাপাটৰ পঘা বিক্ৰী কৰি থকা জ্যেষ্ঠ ভ্রাতৃ গণেশে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ১৯৮৪ত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈছিলাে।

ইয়াৰ পাছত বিদ্যালয়লৈ যােৱা নাই। ঘৰতে অকণমান কৃষিভূমিত খেতি কৰাে আৰু সময়ত দিন হাজিৰা আৰু ব’হাগত গৰু বিহুৱানৰ ব্যৱসায় কৰাে। গৰু কৃষকৰ কৃষিৰ সঁজুলি। এই ব্যৱসায়ত বৰ বেছিলাভ নাই যদিও মনৰ প্রশান্তিৰ বাবে বছৰে বছৰে এই ব্যৱসায় কৰি আহিছাে। বজাৰত গৰু বিহুৱানৰ নামত এতিয়া প্লাষ্টিকৰ পঘা ওলাইছে যদিও আমি প্লাষ্টিকৰ বিহুৱান বিক্রী নকৰাে৷

তেওঁ কয় যে কৃষকৰ উৎপাদিত মৰাপাটেৰে তৈয়াৰ কৰা পঘাহে গৰুক বিহুৱান হিচাপে দিব লাগে। তেওঁ কয় যে গৰুৰ বিহুৱান-পঘা তিনি ধৰণৰ আছে। ডাঙৰ পঘাত এইবাৰ খুচুৰা মূল্য ৩০ টকা। মজলীয়া পঘাত ২৫ টকা আৰু সৰু পঘাত-১৫ টকা দৰত বিক্ৰী হৈছে। তেওঁ কয় যে দুবছৰ কৰ’না মহামাৰীৰ বাবে এই ব্যৱসায় বন্ধ হৈ আছিল।

এইবাৰ মহামাৰীৰ পৰিৱেশ কিছু উন্নত হােৱাত মানুহে আনন্দৰে মানুহ বিহুৱানৰ লগতে গৰু বিহুৱান কিনিছে। ইফালে, কালি আগবেলা জিলাখনৰ দামােদৰধাম সত্র সাপ্তাহিক বজাৰত গৰু বিহুৱান বিক্ৰী কৰি ভ্রাতৃ দীপাংকৰে ‘দৈনিক অগ্রদূত’ক কয়, এইবাৰ চহৰ আৰু নগৰৰ মানুহে আনন্দ-উল্লাসেৰে ৰঙালী বিহু উদ্যাপনৰ প্রস্ততি চলাইছে। দুবছৰ এই উৎসৱ বন্ধ হৈ থকাৰ পাছত এইবাৰ মুকলি মনেৰে বজাৰ কৰিব পাৰিছে।

দামােদৰ ধাম সত্র বজাৰত গৰু বিহুৱান পঘা ভাল বিক্ৰী কৰিছাে। অতি লাভজনক ব্যৱসায় নহয় যদিও ২০ বছৰে এই ব্যৱসায় কৰিছাে। ইয়াত কিবা এটা আনন্দ পাওঁ। সদায় নকৰাে। বহাগ বিহুৰ এসপ্তাহ আগৰে পৰা দাদা আৰু মই এই ব্যাৱসায় কৰাে। এইকেইদিন দিন হাজিৰা নকৰাে। ইফালে, জ্যেষ্ঠ ভ্রাতৃ গণেশ কলিতাই সুদীর্ঘ বছৰে বহাগ বিহুত গৰু বিহুৱান বিক্ৰী কৰাৰ উপৰি শিৱ পূজাৰ আগে আগে ত্রিশূলৰাে ব্যৱসায় কৰি আহিছে।

উল্লেখ্য যে চৰকাৰী কোনাে আঁচনিৰ মুখ নেদেখা আনকি পত্নী চিত্র কলিতাও আজিলৈ অৰুণােদয়ৰ ধন লাভ কৰিবলৈ সক্ষম হােৱা নাই। উল্লেখ্য যে ব’হাগ বিহুত গৰুৰ বিহুৱান মৰাপাটৰ পঘা আৰু শিৱ পূজাৰ সময়ত ত্রিশূল বিক্ৰী কৰি দুয়ােজন ভ্রাতৃ দুই ভ্রাতৃয়ে এতিয়া বৃহত্তৰ অঞ্চলটোতে নহয় সমগ্র জিলাখনতে পৰিচিত হৈ পৰিছে। তেওঁ কয় যে গাঁৱত এতিয়া নাঙল গৰু থকা খেতিয়কৰ সংখ্যা কমিছে। ট্রেক্টৰৰ আগমনে গৰু বিহুৱানৰ বিক্ৰী আৰু আদৰ কমা বুলিও আক্ষেপ প্রকাশ কৰে।

Exit mobile version