Jammu & Kashmir : বিনামূলীয়া বিদ্যুৎ লাভ কৰিব জম্মু আৰু কাশ্মীৰে, জনালে কেন্দ্রীয় প্রতিমন্ত্রী জিতেন্দ্র সিঙে

images 1

কেন্দ্রীয় প্রতিমন্ত্রী জিতেন্দ্র সিঙে বৃহস্পতিবাৰে জনাইছে আগন্তুক চাৰি-পাঁচ বছৰৰ ভিতৰত জম্মু আৰু কাশ্মীৰত বিনামূল্যে বিদ্যুৎ বিতৰণৰ প্রচেষ্টা চলাইছে কেন্দ্রীয় চৰকাৰে ।

চলিত মাহতেই জম্মু আৰু কাশ্মীৰলৈ যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী । এই ভ্ৰমণৰ প্রস্তুতি পৰ্যবেক্ষণ কৰিবলৈ তাত গৈছে প্রতিমন্ত্রী সিং । তাতেই তেওঁ কয় যে মূল্যবৃদ্ধি সংক্রান্ত হৈ চৈৰ মাজতেই জম্মুৰ বিনামূলীয়া বিদ্যুৎ ব্যৱস্থা দেশৰ বাবে মডেল হ’ব ।

এনডিএ চৰকাৰে কিদৰে এই কাৰ্য কৰাৰ পৰিকল্পনা কৰিছে সেই সম্পর্কে, সিঙে কয়, “আমি এই অঞ্চলত গ্রামীণ উন্নয়নত নতুন উদ্ভাৱন আৰু প্রযুক্তি ব্যৱহাৰ কৰিম, কৃষি ষ্টার্টআপৰ প্রচাৰ কৰিম । প্রায় ২.৪৫ কোটি টকাৰ ছোলাৰ প্লান্ট স্থাপনৰ কাম এক-দুই দিনৰ ভিতৰত সমাপ্ত হ’ব আৰু ১৭-১৮ এপ্রিলৰ ভিতৰত ৩৪০টা পৰিয়ালে সৌৰ শক্তিৰ মাধ্যমত বিদ্যুৎ পাব ।”

পালিৰ পৰা জম্মু আৰু কাশ্মীৰৰ সমস্ত পঞ্চায়তত ভাষণ দিব প্রধানমন্ত্রীয়ে ।

প্রধানমন্ত্রীয়ে ২৪ এপ্রিলত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব । আগষ্ট ২০১৯ত বিশেষ মর্যাদা প্রত্যাহাৰ কৰি দুটা কেন্দ্রশাসিত অঞ্চলত বিভক্ত হোৱাৰ পাছত এইটোৱে প্ৰধানমন্ত্ৰী মোদীৰ প্রথম ভ্ৰমণ হ’ব ।

 

Exit mobile version