জানেনে এইবিধ পাতৰ কিমান আছে ঔষধি গুণ !

IMG 20220416 113327

★আকন গছ উদ্ভিদত ডায়েবেটিচ প্ৰতিৰোধী গুণাগুণ থাকে যাক ডায়েবেটিচ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিশিষ্ট গুণাগুণ আছে যি ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে। তাৰ একে সময়তে ইনচুলিনৰ উৎপাদন তৈয়াৰ কৰে। আকন উদ্ভিদত ডায়েবেটিচ প্ৰতিৰোধী এজেণ্ট থাকে যি ডায়েবেটিচ ৰোগীৰ বাবে ভাল।

 

★ আকন গছৰ ফুল হজম প্ৰক্ৰিয়াৰ বাবে উৎকৃষ্ট বনৌষধি আৰু এই ভেষজ বিধে ভোক বৃদ্ধি কৰে। আকন ভেষজ বিধ অনান্য হজম সমস্যা যেনে – অত্যাধিক গেছ আৰু ফুলা আদিৰ চিকৎসাত সহায় কৰে। দীঘলীয়া ডায়েৰিয়া নিৰাময় কৰিবলৈও আকন ভেষজ ব্যৱহাৰ কৰা হয়। ই পাকস্থলীৰ স্থিৰ কৰে আৰু পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰে আৰু কোষ্ঠকঠিন্যৰ সমস্যাও নিৰাময় কৰে।

★ আকন উদ্ভিদৰ গাখীৰৰ দৰে তৰল (Latex) ত আৰোগ্যকাৰী গুণাগুণ আছে যিবোৰে আঘাত আৰু ফোঁহা চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। আকন উদ্ভিদৰ Latex, হালধিৰ স’তে মিহলাই প্ৰভাৱিত ছাল পৃষ্ঠত প্ৰয়োগ কৰিলে আঘাত, ফোঁহা সমূহ আৰোগ্য হয়।

★ভৰিৰ ফোঁহা নিৰাময় কৰে

ভৰিৰ ফোঁহা নিৰাময়ৰ বাবে আকন উদ্ভিদৰ Latex ব্যৱহাৰ কৰা হয়। ভৰিৰ ফোঁহাটোৰ পৰা তাৎক্ষণিক সকাহ পাবলৈ কেৱল সংক্ৰমিত স্থানত Latex ব্যৱহাৰ কৰিব লাগে।

★কাণৰ সংক্ৰমণ কাণত থকা বেক্টেৰিয়া, ভাইৰাছ বা তৰলৰ ফলত হ’ব পাৰে। চৰ্দি, এলাৰ্জি বা চাইনাছ সংক্ৰমনৰ ফলত কাণ বিষ হয়। কানৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আকন গছৰ ডাঙৰ পাত লওক পাতবোৰ ভালকৈ ধুই শুকাই তাৰ পৰা ৰস উলিয়াই আকন পাতৰ ৰস আৰু তিল তেল সমান অনুপাতত এক চামুচ কৈ মিহলি কৰক আৰু তাৰ পিছত ডালচেনি, asafoetida, calamus, নহৰু প্ৰতিটো এক/চাৰি এক চামুচ যোগ দিয়ক মিশ্ৰণটো চেঁচা ঠাইত ৰাখক আৰু ইয়াক কাণৰ টোপাল হিচাপে ব্যৱহাৰ কৰক।

★ আকন উদ্ভিদ হাঁপানি ৰোগৰ মহৌষধ। ১৪ পাহ মান আকন ফুলৰ মাজৰ অংশ লৈ তাৰ সৈতে ২১ টা মান জালুক দি একেলগে পিচি ২১টা বড়ি বনাই প্ৰতিদিন পুৱা পানীৰ সৈতে এটাকৈ বড়ি খালে হাঁপানি ৰোগ নিৰাময় হয়। এই ঔষধ খোৱা পিছত কেৱল গাখীৰৰ স’তে ভাত খাব লগে তেতিয়া শ্বাসকষ্ট কমি যায়।

★দাঁতৰ বিষ নিৰাময়ৰ বাবে আকন উদ্ভিদ বিশেষ উপকাৰী। দাঁতৰ বিষৰ পৰা আৰোগ্য পাবলৈ আকন উদ্ভিদৰ Latex প্ৰয়োগ কৰি দাঁতৰ বিষৰ পৰা তৎ ক্ষণাত সকাহ পাব পাৰি।

★আকন উদ্ভিদত Anti-fungal উপাদান আছে যিয়ে Cadida আৰু Ringworm দৰে ৰোগ নিৰাময় কৰে।

Exit mobile version