গোসাঁইগাঁৱত ধুমুহাত বিধস্ত পৰিয়ালক চৰকাৰৰ ত্ৰিপাল বিতৰণ

দলগাঁও-অন্থাইবাৰী-সাতবিল গাঁও সাহায্যৰ পৰা বঞ্চিতৰ অভিযোগ

WhatsApp Image 2022 04 17 at 8.35.51 PM 1

গোসাঁইগাঁৱত যোৱা বৃহস্পতিবাৰে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতিসাধন হয় । ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰৰ পৰা ত্ৰিপাল বিতৰণ কৰে ।

আজি গোসাঁইগাঁও মহকুমাৰ টকেয়ামাৰীত ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালক অন্থাইবাৰী ভিচিডিচিৰ অধক্ষ্য আব্দুল জলিল খানৰ উপস্থিতিত ত্ৰিপাল বিতৰণ কৰা হয় ।

ত্ৰিপাল বিতৰণ কৰি অধক্ষ্যগৰাকীয়ে কয় যে বিটিচিৰ গুমা সমষ্টিৰ অন্থাইবাৰী ভিচিডিচিৰ পাঁচখন গাঁও ধুমুহাত বিস্তৰ ক্ষতিসাধন হয় যদিও দুখন গাঁৱৰ লোকেহে চৰকাৰী সাহায্য পাইছে । বাকী তিনিখন গাঁও ক্ৰমে দলগাঁও, অন্থাইবাৰী আৰু সাতবিল গাঁৱৰ ক্ষতিগ্ৰস্ত পৰিয়ালে সাহায্যৰ পৰা বঞ্চিত হৈ পৰে‌ ।

উক্ত গাঁও তিনিখনত ধুমুহাত ক্ষতি হোৱাৰ কথা চৰকাৰী কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্তৃপক্ষই পৰিদৰ্শন নকৰাৰ বাবে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ পৰে বুলি অভিযোগ উত্থাপন কৰে । সাতবিল গাঁৱৰ গাঁওবুঢ়া বাহাজুদ্দিন সৰকাৰে চৰকাৰী কৰ্তৃপক্ষক পুনৰ উক্ত তিনিখন গাঁৱত ক্ষয়-ক্ষতি পৰিদৰ্শন কৰি সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনায় ।

Exit mobile version