COVID-19 : ক’ভিড আপডেট

257d9581584263824cf276ccba97fcda original 1

বিগত দুদিনত হেজাৰৰ তলত থকাৰ পাছত পুনৰ দৈনিক আক্রান্তৰ সংখ্যা হেজাৰৰ ঘৰ অতিক্ৰম কৰিলে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া পৰিসংখ্যা অনুযায়ী, দেওবাৰে দেশজুৰি দৈনিক আক্রান্তৰ সংখ্যা ১১৫০, যি শনিবাৰৰ তুলনাত কিছু অধিক । শনিবাৰে কৰ’না আক্রান্তৰ সংখ্যা আছিল ৯৭৫ জন ।

বর্তমান সমগ্ৰ দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ১১,৫৫৮ জন । বিগত ২৪ ঘণ্টাত সক্রিয় ৰোগীৰ সংখ্যা ১৯২ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ সামান্য কমি ০.৩১ শতাংশ হৈছে ।

শনিবাৰৰ তুলনাত দিল্লীত দৈনিক সক্রিয় কৰ’না আক্রান্তৰ হাৰ বাঢ়ি হ’ল ৩.৯৫ শতাংশ । যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’নাত মৃত্যু হৈছে মাত্র চাৰিজনৰ ।

ইয়াৰ ভিতৰত দিল্লীত দুজন, মিজোৰাম আৰু জম্মু আৰু কাশ্মীৰত এজনৰ মৃত্যু হৈছে । দেশত দৈনিক সংক্রমণৰ শীর্ষত আছে দিল্লী (৪৬১) । ইয়াৰ পাছতে আছে হৰিয়ানা (২০২), উত্তৰ প্রদেশ (১০২) আৰু মহাৰাষ্ট্র (৯৮) ।

সমগ্ৰ ভাৰতত এই পৰ্যন্ত মুঠ ১৮৬ কোটি ৫১ লাখ ৫৩ হেজাৰ ৫৯৩ জনৰ টিকাকৰণ হৈছে । বর্তমান দেশজুৰি সুস্থতাৰ হাৰ ৯৮.৭৬ শতাংশ ।

Exit mobile version