Delhi Riot : দিল্লীৰ জহাংগীৰপুৰিৰ সংঘর্ষৰ ঘটনাত ১৪ জনক গ্রেপ্তাৰ, আহত ন

Jahangir Puri Riot in Delhi

দিল্লীৰ জহাংগীৰপুৰিৰ সংঘর্ষৰ ঘটনাত ১৪ জনক গ্রেপ্তাৰ কৰিলে আৰক্ষীয়ে । শনিবাৰে সন্ধিয়া হনুমান জয়ন্তীৰ সমদলক কেন্দ্র কৰি দুই গোষ্ঠীৰ সংঘর্ষত ৰণক্ষেত্রৰ ৰূপ লয় জহাংগীৰপুৰি । অভিযোগ, সমদলক লক্ষ্য কৰি শিল দলিওৱা হয় । তাৰ পৰাই সংঘর্ষৰ সূত্রপাত ।

দুই গোষ্ঠীৰ মাজত কে’বা পৰ্যায়ৰ সংঘর্ষ হয় । ইটা, শিল দলিওৱাৰ লগতে বহুকেইখন গাড়ীত জুই লগাই দিয়া হয় বুলি অভিযোগ । সংঘর্ষৰ খবৰ পায়েই আৰক্ষীয়ে জহাংগীৰপুৰিত পৰিস্থিতি নিয়ন্ত্রণত অনাৰ চেষ্টা কৰে । কিন্তু পৰিস্থিতি ইমানেই উত্তপ্ত আছিল যে নিয়ন্ত্রণত আনিবলৈ আৰক্ষীয়ে জ্বলাকলা খাবলগীয়া হয় । সংঘর্ষত আহত হয় নজন । তেওঁলোকৰ ভিতৰত আঠজন আৰক্ষীকর্মী আৰু এজন সাধাৰণ নাগৰিক ।

সংঘর্ষৰ সময়ত গুলি চালনাৰ অভিযোগ উঠে । গুলি চালনাত ছাব-ইনস্পেক্টৰ মেধা লাল মীনা আহত হয় । তেওঁৰ হাতত গুলি লাগিছে বুলি আৰক্ষী সূত্রে খবৰ । আহত আৰক্ষী বিষয়াজনে কয়, “দুই গোষ্ঠীৰ প্রায় এহেজাৰ লোক গোট খাইছিল । দুফালৰ পৰা শিলাবৃষ্টি হৈছিল ।” এই ভিৰৰ মাজতেই গুলি চলে বুলি দাবী আৰক্ষী বিষয়াজনৰ ।

দিল্লীৰ আৰক্ষী কমিছনাৰ ৰাকেশ আস্থানাৰ বক্তব্য, ‘‘কেৱল জহাংগীৰপুৰিয়ে নহয়, আশপাশৰ অঞ্চলতো সংঘৰ্ষ হয় । আমি অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছো । পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিবলৈ উচ্চপদস্থ বিষয়াসকলক নিজ নিজ অঞ্চলত উপস্থিত থাকিবলৈ কোৱা হৈছে । টহলদাৰী সঠিকভাৱে হৈছে নে নাই সেই ক্ষেত্ৰতো দৃষ্টি ৰাখিব তেওঁলোকে।’’ সামাজিক মাধ্যমত বিয়পি পৰা ভুৱা খবৰ আৰু গুজবত কাণ নিদিবলৈ তেওঁ বাসিন্দাসকলক অনুৰোধ কৰিছে ।

অঞ্চলৰ চিচিটিভি ফুটেজ পৰ্যবেক্ষণ কৰি দোষীসকলক চিহ্নিতকৰণৰ কাম আৰম্ভ কৰিছে আৰক্ষীয়ে । ষড়যন্ত্র কৰি এই ঘটনা সংঘটিত কৰা হৈছে নেকি সেয়াও পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দিল্লীৰ আৰক্ষী কমিছনাৰৰ স’তে আলোচনা কৰি প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কৈছে । লগতে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাৰ নির্দেশ দিছে ।

Exit mobile version