Sanitizers : ছেনিটাইজাৰ খাই আত্মহত্যাৰ চেষ্টা ! দেশৰ ‘এই চহৰ’ক লৈ চিন্তিত চিকিৎসকসকল

Hand Sanitizer Feature Image

বিগত দুবছৰ ধৰি মানুহে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি আহিছে । কৰ’না সংক্রমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ছেনিটাইজাৰ নিজৰ ঘৰত ৰাখিছে । কিন্তু সাম্প্রতিক সময়ত দেখা গৈছে, ভাইৰাছৰ পৰা সুৰক্ষাৰ লগতে ছেনিটাইজাৰ বহু পৰিয়ালৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে ।

হায়দৰাবাদত বহু লোকে হেণ্ড ছেনিটাইজাৰ খাই আত্মহত্যাৰ চেষ্টা কৰিছে । এক প্রতিবেদনত কোৱা হৈছে, হায়দৰাবাদত বিপুল সংখ্যক লোকে আত্মহত্যা কৰিবৰ বাবে ছেনিটাইজাৰ খাইছে ।

ইংৰাজী সংবাদপত্র টাইমছ অৱ ইণ্ডিয়াৰ প্রতিবেদনত কোৱা হৈছে, বিগত এবছৰত হায়দৰাবাদত প্ৰায় ৮০ জনে হেণ্ড ছেনিটাইজাৰ খাই আত্মহত্যাৰ চেষ্টা কৰিছে । ইয়াৰ উপৰি চহৰৰ আশপাশৰ আৰু ২০টা গোচৰ প্ৰকাশ্যত আহিছে । এই সমস্ত পৰিসংখ্যা নিজামছ ইনষ্টটিউট অৱ মেডিকেল ছায়েন্সেছ (NIMS)-ৰ ।

বিশেষজ্ঞসকলৰ মতে, কৰ’নাৰ বাবে মানুহে ছেনিটাইজাৰ পোৱা অতি সহজ হৈ গৈছে । আকৌ অনেকে মজা কৰিবৰ বাবে মদৰ স’তে মিহলি কৰি পান কৰে । ডাঃ আশিমা শর্মা, ইমার্জেন্সি মেডিচিন বিভাগৰ প্রধান, এনআইএমএছ, টাইমছ অৱ ইণ্ডিয়াক কৈছে, “কিছুসংখ্যক লোকে প্ৰত্যক্ষভাৱে খাইছে । অনেক ক্ষেত্রতেই এইটো এলকহলৰ স’তে মিহলি কৰাৰ প্রৱণতা দেখা গৈছে ৷

অতিমাৰীৰ পাছৰ পৰা ছেনিটাইজাৰৰ ব্যৱহাৰ বহু গুণ বাঢ়িছে । সহজলভ্যতাৰ কাৰণে ই এতিয়া হাতে হাতে । এতিয়া ছেনিটাইজাৰ দোকানৰ পৰা কিনাটো সহজ কথা । সেয়ে ছেনিটাইজাৰটো অনেকেই ভুল কাৰ্মত ব্যৱহাৰ কৰিছে ।

এক পৰিসংখ্যা অনুযায়ী, বর্তমান বজাৰত যি ছেনিটাইজাৰ উপলব্ধ তাৰ ৫০ শতাংশই নকল । বিশেষজ্ঞসকলৰ মতে, ছেনিটাইজাৰ খালে গেষ্ট্ৰ’ইনটেষ্টাইনাল ট্ৰেক্টত সমস্যা হ’ব পাৰে । যদিও ৰোগীসকল সাধাৰণতে জীয়াই থাকে । অৱশ্যে বাৰে বাৰে অস্ত্রোপচাৰৰ প্রয়োজন হ’ব পাৰে ।

সাধাৰণতে ছেনিটাইজাৰ অধিক পৰিমাণে খালে গেষ্ট্ৰ’ইনটেষ্টাইনাল ট্ৰেক্ট পুৰি যোৱাৰ সম্ভাৱনা থাকে । আত্মহত্যাৰ চেষ্টা কৰা অনেকেই ছেনিটাইজাৰৰ সম্পূৰ্ণ বেতল খায় পেলায় ।

Exit mobile version