বকোত পথ দুৰ্ঘটনাত নিহত এজন

WhatsApp Image 2022 04 18 at 7.11.04 PM

ৰঙালী বিহুৰ উছাহ উদ্দীপনাৰ মাজত বকোত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । বকো-লাম্পী পথৰ ওমসাগৰত পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ।

অসম-মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পী-বকো পথত ৰাতিপুৱা ভাগত দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে নিহত হয় । যুৱকজন লাম্পীৰ ধনবাহাদুৰ মগৰ(২১) ।

তথ্য অনুসৰি, নিয়ন্ত্ৰণ হেৰুৱাই ইণ্ডিকা চি এছ পৰি গৈছিল পথৰ দাঁতিৰ খাৱৈত । ওমসাগৰ নামৰ ঠাইডোখৰৰ পৰা AS01 AZ 6272 নম্বৰৰ ইণ্ডিকা চি এছ এখনত নিহত ধনবাহাদুৰ চিৰসেউজ লাম্পী দিশত আহি আছিল ।

Exit mobile version