বেঁকী নৈৰ গৰাখহনীয়াত গভীৰ সংকটত গোৱৰ্দ্ধনাৰ শ্ৰীশ্ৰীশংকৰ-মাধৱ সত্ৰ

সত্ৰখন জীয়াই ৰাখিবলৈ বাগসা জিলাৰ সমূহ নামঘৰ সত্ৰৰ ঐক্যবদ্ধ সভা অনুষ্ঠিত

বেঁকী নৈৰ প্ৰবল গৰাখহনীয়াৰ কৱলত অসমীয়াৰ ঐতিহ্য গোৱৰ্দ্ধনাৰ ১১৬ বছৰীয়া শ্ৰীশ্ৰীশংকৰ-মাধৱ সত্ৰ ৷ বাগসা জিলাৰ গোৱৰ্দ্ধনাত বেঁকী নৈৰ গৰাখহনীয়াই কিছু বছৰৰে পৰা ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মানুহৰ বসতিস্থান-ঘৰ বাৰী খহাই নিছে ৷ তাৰ সমান্তৰালকৈ যোৱা বছৰ দুই কিলোমিটাৰ ঠাই অতিক্ৰম কৰি এতিয়া মাত্ৰ শংকৰ মাধৱ সত্ৰৰ ১০ মিটাৰ নিলগত অৱস্থান কৰিছে বেঁকী নৈয়ে ৷

চৰকাৰক কাকুতি মিনতি কৰি যোৱা বছৰ জিঅ’ বেগেৰে কিছু খহনীয়া প্ৰতিৰোধৰ কাম কৰিছিল যদিও সেয়া এইবাৰৰ প্ৰথমটো বাৰিষাতে জহি-খহি যাবলৈ আৰম্ভ কৰিছে ৷ যাৰ বাবে সত্ৰখনক খহনীয়াৰ কৱলৰ পৰা মুক্ত কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগৰ বাবে বাগসা জিলাৰ সকলো নামঘৰ-সত্ৰ সমিতি একত্ৰিত হৈ গোৱৰ্ধনাৰ শংকৰ মাধৱ সত্ৰ চৌহদত এখন ঐক্যবদ্ধ সভা অনুষ্ঠিত কৰি কে’বাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

সভাত অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ প্ৰাধানীয়ে ভাগ লৈ কয় যে অসম চৰকাৰে ইতিমধ্যে শদিয়াৰ পৰা কোছবিহাৰলৈ সত্ৰ সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছে ৷ তেনেকৈ এই গুৰুত্বপূৰ্ণ সত্ৰখন ৰক্ষা কৰাৰ কাৰণেও চৰকাৰে ব্যৱস্থা হাতত ল’ব লাগে ৷

আনফালে খহনীয়া প্ৰতিৰোধৰ কামত ঠিকাদাৰে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ অভিযোগ মতে কোকৰাঝাৰৰ ইঞ্জিনিয়াৰে কোনো অংকৰ বাবে হেনো সঠিক ৰূপত কাম নকৰিলে ৷ যাৰ পৰিণতিত গোৱৰ্ধনাৰ ঐতিহ্যপূৰ্ণ শংকৰ মাধৱ সত্ৰখন নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ লগতে সমীপতে থকা বহুকেইটা পৰিয়ালৰ ঘৰ-মাটিও বেঁকী নৈৰ বুকুত নিঃশেষ হোৱাৰ উপক্ৰম হৈছে ৷

Exit mobile version