COVID Daily Bulletin : ক’ভিড আপডেট

delhi covid 19 testing 4ac6b9bc ed03 11ea 92df 080f51a06faf

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌য়ে দিয়া দৈনিক পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশজুৰি দৈনিক আক্রান্তৰ সংখ্যা দুহেজাৰ ১৮৩ জন । যি দেওবাৰৰ তুলনাত ৯০ শতাংশ অধিক । দেওবাৰে কৰ’না আক্রান্তৰ সংখ্যা আছিল ১,১৫০ ।

২০ ফেব্রুৱাৰীৰ পাছত ৰাজধানীত দৈনিক ক’ভিড আক্রান্তৰ সংখ্যা বাঢ়ি পাʼচশৰ ঘৰো অতিক্ৰম কৰিছে ।

ক’ভিড বিশেষজ্ঞসকলে জনাইছে, অ’মিক্রন আৰু ডেল্টা ৰূপত সংক্রমণ বাঢ়িলেও মৃত্যুৰ হাৰ অপেক্ষাকৃতভাৱে কম । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ বাঢ়িছে ০.৮৩ শতাংশ । বর্তমান সমগ্ৰ দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ১১,৫৪২ জন ।

পৰিসংখ্যা অনুযায়ী, কেৰালাত সক্রিয় ৰোগীৰ সংখ্যা সৰ্বাধিক (৯৪০) । সমগ্ৰ দেশত যোৱা ২৪ ঘণ্টাত ২১৪ জনৰ মৃত্যু হৈছে । ইয়াৰে এজন উত্তৰ প্রদেশৰ আৰু বাকী ২১৩ জন কেৰালাৰ । কেৰালা চৰকাৰৰ তৰফৰ পৰা সঠিক তথ্য অহাত পলম হৈছে । সমগ্ৰ ভাৰতত এই পৰ্যন্ত মুঠ ১৮৬ কোটি ৫৪ লাখ ৯৪ হেজাৰ ৩৫৫ জনৰ টিকাকৰণ হৈছে ।

Exit mobile version