COVID Hong Kong : বাঢ়িছে কৰ’না সংক্রমণ, হংকঙত যাতায়াতৰ সমস্ত বিমান বাতিল কৰিলে এয়াৰ ইণ্ডিয়াই

সোমবাৰে চীনে জনাইছে, কৰ’নাত এদিনত তিনিজনৰ মৃত্যু হৈছে ছাংহাইত । বহুদিন পাছত কৰ’নাত পুনৰ মৃত্যু হ’ল চীনত । আনহাতে, হংকঙতো ক’ভিড পৰিস্থিতিক লৈ বিধিনিষেধ কঠোৰ হৈছে । সেই নিয়মৰ ফলতেই সম্প্ৰতি হংকঙত যোৱা আৰু হংকঙৰ পৰা দেশত অহা সমস্ত বিমান বাতিল কৰিলে ভাৰতৰ বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই ।

দেওবাৰে এই বিষয়ত এটা বিবৃতি দি বিমান সংস্থাটোৱে জনাইছে, হংকঙৰ ক’ভিড সংক্রান্ত বিধিনিষেধৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাৰতৰ পৰা সম্প্ৰতি হংকঙত যোৱাৰ সিমান চাহিদা নথকাত সম্প্ৰতি হংকঙত চলাচল কৰা ১৯ আৰু ২৩ এপ্রিলৰ সমস্ত বিমান বাতিল কৰা হৈছে । হংকঙৰ নতুন ক’ভিড বিধি অনুযায়ী ৪৮ ঘণ্টা আগৰ ক’ভিড নেগেটিভ ৰিপ’র্ট থাকিলে ভাতৰ পৰা যাত্রীসকলে হংকঙত যাব পাৰিব ।

প্রসংগত, কৰ’না সন্দৰ্ভত চীনে দীর্ঘদিন ধৰি জিৰো টলাৰেন্স নীতি গ্ৰহণ কৰিছে । তাৰ পাছতো কৰ’না পৰিস্থিতিৰ অৱনতি হোৱাত উদ্বেগ বাঢ়িছে চীনৰ বাসিন্দাসকলৰ । উল্লেখ্য, ইয়াৰ আগতে জানুৱাৰীত ভাৰতসহ আঠখন দেশৰ বিমানত দুসপ্তাহৰ নিষেধাজ্ঞা দিছিল হংকং চৰকাৰে । ভাৰতৰ উপৰি এই আঠখন দেশ হৈছে ব্রিটেইন, অষ্ট্রেলিয়া, কানাডা, আমেৰিকা, ফ্রান্স, পাকিস্তান আৰু ফিলিপিন্সো । হংকঙে সেই সময়ত জনাইছিল, স্থানীয় ক’ভিড পৰিস্থিতিৰ হঠাৎ অৱনতি হোৱাৰ বাবেই এই নিষেধাজ্ঞা । এইবাৰো চীনত ক’ভিড পৰিস্থিতিৰ অৱনতি হোৱাৰ আগতেই হংকঙত ক’ভিড বিধিক লৈ কঠোৰ হৈছে প্ৰশাসন ।

Exit mobile version