Oneplus 10R launch : ‘আটাইতকৈ সস্তীয়া’ স্মার্টফোন আনিছে ৱানপ্লাছে, Oneplus 10R-ৰ স’তে হ’ব লঞ্চ

Oneplus Ace Oneplus 10R Featured C

প্রিমিয়াম স্মার্টফোনৰ স’তে আহিব কোম্পানিৰ আটাইতকৈ সস্তীয়া ফোন । One Plus-এ আনিছে এই নতুন মডেল । চলিত মাহতেই কোম্পানিয়ে Oneplus 10R, Oneplus Nord CE 2 Lite 5G লঞ্চ কৰাৰ সম্ভাৱনা । এই দুটা স্মার্টফোনেই ২৪ এপ্রিলত লঞ্চ হ’ব বুলি খবৰ । ইতিমধ্যে অমাজন ইণ্ডিয়াত জনোৱা হৈছে সেই তথ্য ।

OnePlus Nord CE 2 Lite-ত একেই কেমেৰা ছেটআপ পোৱা যাব যি OnePlus Nord CE 2-চ দিয়া হৈছে । ইয়াৰ উপৰি, এই ডিভাইচ হ’ব 5G ছাপোর্টেড স্মার্টফোন । মোবাইলত পাৱাৰৰ বাবে 5000mAh-ৰ বেটাৰী দিয়া হৈছে । লগতে এই ফোনৰ বেটাৰী ৩৩ ৱাট ছুভাৰ ভুক ফাষ্ট চার্জাৰ ছাপ’র্ট কৰিব । অৱশ্যে কোম্পানিৰ তৰফৰ পৰা এই বিষয়ত কোনো তথ্য প্রকাশ কৰা নাই ।

Oneplus 10R launch : কি থাকিব এই ফোনত ?
কোম্পানিৰ এই প্রিমিয়াম স্মার্টফোন Oneplus 10R 5G-ত থাকিব সৰ্বাধিক শক্তিশালী চার্জাৰ । এটা 150 ৱাট চার্জাৰ পাব এই ফোনে । MediaTek Dimension 8100-Max প্রছেছৰ পোৱা যাব এই ফোনত । তথ্য অনুসৰি, একেই লঞ্চ ইভেন্টত দুটা নতুন স্মার্টফোনৰ উপৰিও কোম্পানিয়ে নতুন ইয়াৰবাডো লঞ্চ কৰিব পাৰে ।

Oneplus 10R launch : কি স্পেকছ থাকিব ফোনত ?
ভাৰতত কোম্পানিৰ আটাইতকৈ প্রিমিয়াম স্মার্টফোন হ’ল Oneplus 10 pro 5G । যাৰ হাই এণ্ড ভেৰিয়েন্টেৰ দাম ৭১৯৯৯ টকা । ইয়াত কোৱালকম স্নেপড্রাগন ৮ জেনেৰেছন প্রছেছৰ আছে । লগতে পাব ১২ জিবি ৰেমৰ স’তে ২৫৬ জিবি ইন্টাৰনেল মেমৰি । লগতে এটা ৮০ ৱাটৰ চার্জাৰ দিয়া হৈছে ।

OnePlus Nord CE 5G : এই ফোনত কি স্পেকছ ?
কোম্পানিৰ অফিচিয়েল ৱেবছাইট অনুসৰি, OnePlus Nord CE 5G-ৰ 6 GB RAM ভেৰিয়েন্ট হ’ল কোম্পানিৰ আটাইতকৈ সস্তীয়া স্মার্টফোন । ইয়াৰ দাম ২২৯৯৯ টকা । ইয়াত কোৱালকম স্নেপড্রাগন ৭৫০ প্রছেছৰ আছে । ইয়াত ৬৪ মেগাপিক্সেল প্রাইমাৰী কেমেৰাসহ এটা ট্রিপল ৰেয়াৰ কেমেৰা ছেটআপ আছে । লগতে কোম্পানিয়ে ৩০ ৱাটৰ পাৱাৰ এডাপ্টাৰ দিছে ।

Exit mobile version