বোকাজানত ড্ৰাগছ সৰৱৰাহকাৰীলৈ আৰক্ষীৰ গুলী

WhatsApp Image 2022 04 19 at 1.00.41 PM

সোমবাৰে বোকাজান আৰু খটখটী আৰক্ষীয়ে এগৰাকী মহিলাসহ আটক কৰা নুৰউদ্দীন নামৰ ড্ৰাগছ সৰৱৰাহকাৰীজন আজি পুৱা আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি হেৰইনসহ আটক কৰা নুৰউদ্দীনে আৰক্ষীৰ জেৰাত তেওঁৰ আন সহযোগী নগালেণ্ডৰ ডিমাপুৰত থকাৰ কথা উল্লেখ কৰাত আজি পুৱা আৰক্ষীয়ে ডিমাপুৰত অভিযান চলাবলৈ সৰৱৰাহকাৰীজনকো লগত লৈ যায় ৷ খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ডিমাপুৰলৈ গৈ থকা অৱস্থাতেই গৌতম বস্তিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ লোকক আক্ৰমণ কৰি এজন বিষয়াৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰি গাড়ীৰ পৰা জাপ মাৰি লাহৰীজান চাহ বাগানৰ মাজেৰে পলাই যাওঁতেই আৰক্ষীয়ে শূন্যলৈ গুলী চলায় যদিও সৰৱৰাহকাৰীজন ৰৈ নিদিয়াত ভৰিত একজাঁই গুলী মৰাত আঘাতপ্ৰাপ্ত হয় ৷

প্ৰথম অৱস্থাত সৰৱৰাহকাৰীজনক বোকাজান সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷

Exit mobile version