Charulata Barik : ‘টুইট-ৰাণী’ চাৰুলতা !

ফোনকে অস্ত্র হিচাপে ব্যৱহাৰ কৰি দৰিদ্ৰক সহায় কৰিছে কৃষক-কন্যাই

1650341737 twitter girl

চাৰুলতা বাৰিক । অৱশ্যে দীপা নামেও সমান পৰিচিত । এতিয়া নতুন নাম হৈছে ‘টুইট-ৰাণী’ । উৰিষ্যাৰ এক প্রত্যন্ত গাঁৱৰ ছোৱালীক এই নাম দিছে তেওঁৰ অনুৰাগীসকলে । তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয় । দীপাৰ খ্যাতি টুইটাৰত জনপ্রিয়তাৰ বাবে নহয়, টুইটাৰ ব্যৱহাৰ কৰি মানুহৰ সমস্যা সমাধানৰ বাবে ।

দীপাৰ টুইটাৰ একাউন্টত ফল’ৱাৰৰ সংখ্যা ন হেজাৰৰো অধিক । দীপাই ফল’ কৰে পাঁচ হেজাৰটা একাউণ্ট । মানুহৰ বিপদ বুজিলেই চৰকাৰৰ দৃষ্টিত পৰিব এনে টুইটাৰ একাউন্ট টেগ কৰি টুইট কৰিব জানে তেওঁ । উৰিষ্যাৰ মুখ্যমন্ত্রী নবীন পট্টনায়কৰ পৰা মুখ্যমন্ত্রীৰ দপ্তৰ সকলোৱে চিনি পায় দীপাৰ একাউন্ট । সেয়ে কাম সহজ হৈ পৰে । প্ৰতিদিনে দীপাৰ জনপ্রিয়তা বাঢ়ি আছে । ইতিমধ্যে প্ৰায় পাঁচ হেজাৰ লোকৰ উপকাৰ কৰিছে টুইটাৰক অস্ত্র বনায় ।

উৰিষ্যাৰ বৰগড়া জিলাৰ পাইকামাল ব্লকৰ প্রত্যন্ত টেমৰি গাঁও । সেই গাঁৱৰ বাসিন্দা দীপা ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰৰ ছাত্রী । পিতৃ অম্রুত বাৰিক কৃষক । মাতৃ সুশমা বাৰিক অংগনবাড়ী কর্মচাৰী । এনে এক পৰিয়ালৰ জী দীপাৰ হাতত মোবাইল আহে ২০১৯ত । জন্মদিনত পিতৃয়ে উপহাৰ দিছিল । পাছত স্থানীয় সমাজকর্মী দিৱসকুমাৰ সাহুৰ পৰা শিকে, কেনেদৰে টুইটাৰ ব্যৱহাৰ কৰিব লাগে । কেনেদৰে মন্ত্রীৰ পৰা চৰকাৰী কর্তাব্যক্তিসকলক টেগ কৰা হয় ।

প্রথম উদ্যোগ এক বৃদ্ধাৰ বাবে । তেওঁৰ গাঁৱৰেই বাসিন্দা এই বৃদ্ধাৰ মাটিৰ ঘৰ বৰষুণত ভাঙি পৰিছিল । চৰকাৰী দপ্তৰক টেগ কৰি ছবিসহ বৃদ্ধাৰ দুৰৱস্থাৰ কথা টুইট কৰে দীপাই । কাম হয় সেই টুইটতে । চৰকাৰৰ তৰফৰ পৰা ৯৮ হেজাৰ টকাৰ সাহায্য আৰু পকাৰ ঘৰ পায় বৃদ্ধাজনে । দীপা পায় বৃদ্ধাৰ আশীর্বাদ আৰু প্রেৰণা। ইয়াৰ পাছত এজনৰ পাছত আনজন মানুহৰ দুখ-দুর্দশাৰ কথা টুইটত দাঙি ধৰে । সফলো হয় । ইতিমধ্যে সাফল্যৰ সংখ্যা প্ৰায় পাঁচ হেজাৰ ।

দীপাই সংবাদমাধ্যমক জনাইছে প্রথমে তেওঁ নীৰিক্ষণ কৰি লয় যে অভাৱ বা সমস্যাটো সঁচা হয় নে নহয় । তাৰ পাছতহে টুইট কৰে । লাহে লাহে তেওঁৰ পৰিচয় বাঢ়ি থাকে । স্থানীয় সংবাদমাধ্যমৰ শিৰোনাম হৈ উঠে । নিজৰ গাঁৱৰ পৰা ব্লক হৈ জিলাৰ মানুহৰ কথা ক’বলৈ আৰম্ভ কৰে । এতিয়া উৰিষ্যাৰ অন্যান্য প্রান্তৰ মানুহৰ মাজতো পৰিচিত দীপা ।

চৰকাৰী সুযোগ সুবিধা পোৱাৰ মাধ্যম হিচাপে দীপাক পাইছে অনেক অসহায় মানুহে । প্রাকৃতিক দুর্যোগত বিধ্বস্ত লোকক উদ্ধাৰৰ বাৰ্তা চৰকাখ দিয়াৰ পৰা বিধবা ভাতা আদায়ত মোবাইলেই দীপাৰ সমাজসেৱাৰ অস্ত্র ।

Exit mobile version