COVID-19 : ক’ভিড আপডেট

c70fc483c1b2445b8c4695ace1da7fb3 18

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ’নাত সংক্রমিত হৈছে ১২৪৭ জন । যাৰ ফলত সোমবাৰৰ তুলনাত সংক্রমণ প্রায় ৪৩ শতাংশ কমিল ।

কেন্দ্রীয় চৰকাৰে দিয়া পৰিসংখ্যা অনুযায়ী, সোমবাৰ ২১৮৩ জন নতুনকৈ সংক্রমিত হৈছিল । যি দেওবাৰৰ তুলনাত প্রায় দ্বিগুণ আছিল । কিন্তু ৰাজধানী দিল্লীৰ পৰিস্থিতি সংকটজনক । ক্রমে সংক্রমণ বাঢ়িছে ৰাজ্যখনত । দিল্লীত মঙলবাৰে নতুনকৈ ৫০১ জন কৰ’না আক্রান্ত হৈছে ।

দৈনিক আক্রান্তৰ স‌ংখ্যাৰ নিৰিখত দ্বিতীয় স্থানত আছে হৰিয়ানা । বিগত ২৪ ঘণ্টাত হৰিয়ানাত মুঠ আক্রান্ত হৈছে ২৩৪ জন ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈ এজনৰ মৃত্যু হৈছে । দেশত এই পর্যন্ত ক’ভিডত আক্রান্ত হৈ মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ২১ হেজাৰ ৯৬৬ ।

সম্প্ৰতি দেশত সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা বাঢ়ি হৈছে ১১,৮৬০ জন । ই মুঠ আক্রান্তৰ ০.০৩ শতাংশ । বিগত ২৪ ঘণ্টাত ৯২৮ জন ক’ভিডত আক্রান্ত লোক সুস্থ হৈছে । বর্তমান সুস্থতাৰ হাৰ ৯৮.৭৬ শতাংশ ।

Exit mobile version