Russia-Ukraine War : মাৰিয়ুপ’লত ইউক্রেইন সেনাক ৰুছ সকীয়নি, আত্মসমৰ্পন কৰক

Ukraine Russia 82243.jpg 89eb1

মাৰিয়ুপ’লত আটক ইউক্রেইন সেনাক আত্মসমর্পণৰ ‘চৰম সময়সীমা’ দিলে ৰুছ সেনাই । মঙলবাৰে ৰুছ সেনাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে, শীঘ্ৰে অস্তসমর্পণ নকৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ অনুগামীসকলে চৰম পৰিণতিৰ বাবে প্রস্তুত থাকিব লাগিব ।

মঙলবাৰে দুপৰীয়াৰ ভিতৰত যিসকলে অস্ত্রসমর্পণ কৰিব, তেওঁলোকে প্রাণৰক্ষাৰ নিশ্চয়তা পাব বুলি জনাইছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাহিনীয়ে । প্রসংগত, সোমবাৰে ইউক্রেইনৰ প্রধানমন্ত্রী ডেনিছ শ্মিহালে কয়, ‘‘ৰুছ বাহিনীৰ বোমাত মাৰিয়ুপ’ল ধ্বংস হৈছে, কিন্তু পতন হোৱা নাই !’’

ৰুছ সেনাৰ বিৰামহীন আক্ৰমণৰ সন্মুখীন হৈও আত্মসমর্পণ কৰা নাই দক্ষিণ ইউক্রেইনৰ বন্দৰ-চহৰ মাৰিয়ুপ’লে । কে’বা সপ্তাহ ধৰি ৰুছ বাহিনীৰ আক্ৰমণত চহৰৰ পৰিকাঠামোৰ ৯০ শতাংশ ধ্বংস হৈছে বুলি মাৰিয়ুপ’লৰ মেয়ৰ বাদিম বয়চেংকোৰ অভিযোগ ।

এইবাৰ অৱৰুদ্ধ চহৰৰ ইউক্রেইন বাহিনীক আত্মসমর্পণৰ সকীয়নি, ৰুছ সেনাৰ ‘ফাইনেল এছল্ট’-ৰ বার্তা বুলি ধাৰণা কৰিছে সামৰিক বিশেষজ্ঞৰ একাংশ‌ই ।

Exit mobile version