দুৰ্ঘটনাগ্ৰস্ত বিটিচিৰ মুখ্য প্ৰমোদ বড়োৰ কনভয়ৰ বাহন, আহত তিনি, নিহত এজন

image 1

তামুলপুৰৰ এঘাৰ মাইলত নিশা দুৰ্ঘটনাত পতিত বিটিচিৰ মুখ্য প্ৰমোদ বড়োৰ কনভয়ৰ বাহন ।

থিতাতে নিহত এজন আনহাতে, গুৰুতৰভাৱে আহত তিনিজন ।

নিহত আৰক্ষীজনৰ নাম ৰাজু কলিতা ।

আহত ব্ৰজেন ৰাজবংশী, উৎপল পাতগিৰি আৰু প্ৰকাশ দাস ।

আহত আটাকেইজন বৰ্তমান চিকিৎসাধীন ।

মন্ত্ৰী বড়োৰ তামুলপুৰৰ বাসগৃহৰ পৰা ৰঙীয়ালৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয় ।

উল্লেখ্য যে এই দুৰ্ঘটনাৰ সময়ত নাছিল বিটিচিৰ মুৰব্বীজন ।

Exit mobile version