গুজৰাটত গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন-২০২২

গুজৰাটৰ গান্ধীনগৰৰ বিখ্যাত সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ ‘মহাত্মা মন্দিৰ’ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা তিনিদিনীয়া ‘গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন-২০২২’ৰ আৰম্ভণি অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে ।

ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ উদ্যোগত অহা ২২ এপ্ৰিললৈকে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় আয়ুষ বিনিয়োগ তথা উদ্ভাৱনী সন্মিলনত মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ কুমাৰ জগন্নাথ, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড° টেড্ৰ’ছ অধানম ঘেব্ৰেয়ুছাছ, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মাননীয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° মনসুখ মান্দাভীয়া, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডা° মুঞ্জাপাৰা মহেন্দ্ৰভাই, ৩৯খন দেশৰ ৰাষ্ট্ৰদূত-প্ৰতিনিধি আৰু বিভিন্ন ৰাজ্যৰ স্বাস্থ্য তথা আয়ুষ মন্ত্ৰীসকলৰ লগতে পৰম্পৰাগত আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসা প্ৰণালীৰে জড়িত দেশ-বিদেশৰ বিনিয়োগকাৰী, গৱেষক-চিকিৎসকে অংশগ্ৰহণ কৰিছে।

Exit mobile version