Jahangirpuri Violence : উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পাছতো জহাংগিৰপুৰিত উচ্ছেদ অভিযান, বন্ধ চাৰি ঘণ্টা পাছত

দিল্লীৰ জহাংগিৰপুৰিত উচ্ছেদ অভিযানত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পাছতো অব্যাহত আছিল উচ্ছেদ অভিযান । উত্তৰ দিল্লী পৌৰনিগমৰ তৰফৰ পৰা পাঠোৱা বুলডোজাৰবোৰে অবৈধ নির্মাণ ভঙাৰ কাম বন্ধ নকৰে । পৌৰনিগমৰ দাবী কৰিছিল, স্থগিতাদেশ সংক্রান্ত কোনো নির্দেশনা এই পর্যন্ত তেওঁলোকৰ হাতত অহা নাই । বিয়লি এক বজাত উচ্ছেদ অভিযান বন্ধ কৰে পৌৰনিগমে ।

বুধবাৰে পুৱা আৰক্ষীৰ উপস্থিতিত বেআইনী দখল উচ্ছেদৰ অভিযানত নামে পৌৰনিগম । বুধ আৰু বৃহস্পতিবাৰে এই উচ্ছেদ অভিযান চলিব বুলিও জনাইছিল পৌৰনিগমে । কিন্তু ইয়াৰ কিছু সময় পাছতেই শীর্ষ আদালতে সমস্ত উচ্ছেদ অভিযান বন্ধ কৰাৰ নির্দেশ দিয়ে ।

বৃহস্পতিবাৰে শীর্ষ আদালতত পুনৰ এই গোচৰৰ শুনানি হোৱাৰ কথা ।

প্রসংগত, দিল্লীৰ বিজেপি প্রধান আদেশ গুপ্ত‌ই পৌৰনগিমৰ মেয়ৰক পত্ৰ লিখি অভিযোগ জনাইছিল যে, জহাংগিৰপুৰি সংঘর্ষত সহায় কৰা অভিযুক্তসকলৰ, সহায়তেই অঞ্চলটোত এটাৰ পাছত এটা বেআইনী নির্মাণ আৰু দখলদাৰী হৈছে । শীঘ্ৰে এই নির্মাণবোৰ ভাঙি পেলোৱা হ‌ওক আৰু বেআইনী দখলদাৰসকলক উচ্ছেদ কৰা হ‌ওক । লগতে অভিযোগ উঠে যে, যিসকলে ঘটনাৰ দিনা শিল মাৰিছিল তেওঁলোক আম আদমি পার্টিৰ বিধায়ক আৰু কাউন্সিলৰৰ ঘনিষ্ঠ । এই অভিযুক্তসকলৰ বেআইনী নির্মাণ শীঘ্ৰে চিহ্নিত কৰি ভাঙি পেলোৱা হ‌ওক ।

ইতিমধ্যেই হিংসাৰ ঘটনাত তিনি নাবালকসহ ২৪ জনক গ্রেপ্তাৰ কৰা হৈছে । তেওঁলোকৰ ভিতৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে সন্ত্রাসবিৰোধী আইনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

Exit mobile version