Side -Effects of Mangoes : গৰম পৰিলেই সদায় আম খাই ? নিয়মিত আম খালে কি হয়

alphonso mangoes which the city obsesses about every summer were now being sold well after their monsoon cut off date

গৰম দিনৰ সকলোৰে প্রিয় ফল হৈছে আম । আম স্বাস্থ্যৰ বাবে উপকাৰী যদিও প্ৰতিদিনে আম খোৱাটো শৰীৰৰ বাবে ভাল নে ? আমত বহু প্ৰকাৰৰ ভিটামিন আৰু খনিজ পদাৰ্থ আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে যেতিয়াই মন যায় তেতিয়াই আম খাব পাৰে ? একেবাৰে নহয়। নিয়মীয়াকৈ আম খোৱা আৰম্ভ কৰাৰ আগতে আপুনি মনত ৰাখক কেইটামান গুৰুত্বপূৰ্ণ কথা ।

(১) আম যিমানেই খাদ্যগুণেৰে ভৰপূৰ নহওঁক কিয়, কিন্তু ইয়াত অতিৰিক্ত ক্ষতিৰ আশংকা লুকাই আছে ।এই ফলত এলাৰ্জিৰ আশংকা বহুত বেছি।

(২) পকা আমৰ শৰ্কৰাৰ মাত্ৰা অতি বেছি। গতিকে নিয়মীয়াকৈ আম খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ হঠাতে বৃদ্ধি হ’ব পাৰে।

(৩) কেবা প্ৰকাৰৰ আমত ফাইবাৰৰ পৰিমাণ কম থাকে ।এই ফলত হজমৰ বাবে অতি সুবিধাজনক নহয়। যদি আম খোৱা হয়, তেন্তে আঁহসমৃদ্ধ কিছুমান ফল খোৱাটোও গুৰুত্বপূৰ্ণ।

(৪) আমত যথেষ্ট শৰ্কৰা থাকে। এই ফলত যথেষ্ট কেলৰি থাকে । আম খালে ওজন বৃদ্ধি হোৱাৰ আশংকা বহুত বেছি হয়।

Exit mobile version