Srilanka : শ্রীলংকাক সাহায্যৰ ইংগিত দিলে আইএমএফ-এ, প্রশংসিত ভাৰতো

1648878027 srilanka

দেশৰ অর্থনৈতিক স্থিতি সংকটত । চৰম অৱস্থাত দেশবাসীৰ ক্ষোভ । ৰাজনৈতিক বিশৃঙ্খলতা সৃষ্টি হৈছে । এনে পৰিস্থিতিৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ উঠি-পৰি লগা শ্রীলংকাৰ প্রশাসনে আগতেই আর্থিক সাহায্য বিচাৰি দ্বাৰস্থ হৈছিল আন্তর্জাতিক বিত্ত ভাণ্ডাৰ (আইএমএফ)-ৰ । অৱশ্যে প্রথমতে অনুমতি নাপালেও এইবাৰ তেওঁলোকৰ স’তে থিয় দিয়াৰ চিন্তা-চৰ্চা কৰিছে বিত্ত ভাণ্ডাৰ কর্তৃপক্ষ‌ই — মঙলবাৰে টুইট-বার্তাত এই ইংগিত শ্রীলংকাৰ বিত্ত মন্ত্ৰণালয়ৰ । আজি ৱাশ্বিংটনত আইএমএফ-ৰ সদৰ দপ্তৰত প্রতিবেশী ৰাষ্ট্রখনৰ হৈ আবেদন কৰাৰ লগতে যথাসাধ্য সাহায্যৰ আশ্বাস দিছে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰামনেও । ভাৰতৰ এই ভূমিকাৰ প্রশংসা কৰিছে আইএমএফ-এ ।

শ্রীলংকাৰ বিত্তমন্ত্রী আলি সাবৰিৰ নেতৃত্বত ৱাশ্বিংটনত আইএমএফ-ৰ সদৰ দপ্তৰত উপস্থিত হৈছে শ্রীলংকাৰ প্রতিনিধি দল । দেশৰ প্রায় শূন্য বিত্ত ভাণ্ডাৰৰ অৱস্থা কিছু সুস্থিৰ কৰাৰ লগতে খাদ্য, ইন্ধন আৰু ঔষধৰ আমদানিৰ বাবে প্রয়োজনীয় অর্থ লাভৰ আশাত সোমবাৰৰ পৰা আইএমএফ কর্তাসকলৰ স’তে কে’বা পৰ্যায়ৰ বৈঠকত মিলিত হ’ব তেওঁলোক ।

সাবৰিৰ সহযোগী সমিৰ জাভাহিৰে টুইট কৰে, ‘‘বর্তমান পৰিস্থিতিত সৰবৰাহ ব্যৱস্থাৰ অৱস্থা সুস্থিৰ কৰিবলৈ ৰেপিড ফিনেন্সিং ইনষ্ট্ৰোমেন্ট বা আৰএফআই পদ্ধতিক কামত লগোৱাৰ প্রস্তাৱ দিছে বিত্তমন্ত্রীয়ে । ভাৰতেও শ্রীলংকাক আৰএফআই দিবৰ বাবে আবেদন কৰিছে আৰু হয়তো আইএমএফ বিষয়টো পর্যালোচনা কৰিব ।’’

ইতিমধ্যে শ্রীলংকাক প্রায় ডেৰশ কোটিৰ উপৰত সহায় কৰিছে ভাৰতে । যাৰ ভিতৰত শীঘ্ৰে বর্তমানৰ সংকট নাশ কৰি ইন্ধন, খাদ্য আৰু ঔষধ কিনিবৰ বাবে ধাৰৰ ব্যৱস্থাও আছে । ৱাশ্বিংটনত আইএমএফ-ডব্লিউবি স্প্রিং বৈঠকত যোগ দিছে বিত্ত মন্ত্ৰী সীতাৰামনে । তাত শ্রীলংকাৰ পৰিস্থিতি সন্দৰ্ভত সাবৰিৰ স’তে তেওঁৰ কথা হৈছে বুলি জনাইছে বিত্ত মন্ত্ৰণালয়ৰ তৰফৰ পৰা ।

একেৰাহে বিক্ষোভৰ সন্মুখীন হৈ সোমবাৰে নতুনকৈ কেবিনেট গঠন কৰিলে শ্রীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেই । এইবাৰ ‘স্বচ্ছ প্রশাসন গঢ়িবলৈ’ সংবিধানত একাধিক সংশোধনী অনাৰ তেওঁ প্রস্তাৱ দিলে । তেওঁৰ দপ্তৰৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা জনোৱা হৈছে । সোমবাৰে অর্থনৈতিক পর্যায়ত একাধিক ভুল সিদ্ধান্ত লোৱা বুলি স্বীকাৰ কৰিছে ৰাজাপক্ষেয়ে । অৱশ্যে দেশৰ অৱস্থা সুস্থিৰ কৰিবলৈ তেওঁ বদ্ধপৰিকৰ সেয়াও জনাইছে ।

ইপিনে, মঙলবাৰে বিক্ষোভকাৰীসকলৰ স’তে আৰক্ষীৰ সংঘর্ষক লৈ উত্তপ্ত হৈ উঠে মধ্য শ্রীলংকাৰ ৰামবুক্কানা । এই ঘটনাত আৰক্ষীৰ স’তে খণ্ডযুদ্ধত এজনৰ মৃত্যু হৈছে । প্ৰায় ১৩ জন আহত হৈছে । অভিযোগ, এটা ব্যস্ত পথ অৱৰোধ কৰি তেল-সংকটৰ বিৰুদ্ধে প্রতিবাদ জনাইছিল বিক্ষোভকাৰীসকলে । হঠাৎ আৰক্ষীক লক্ষ্য কৰি শিল দলিওৱা আৰম্ভ কৰে তেওঁলোকে । আনহাতে, প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰি গুলী চালনা কৰে আৰক্ষীয়েও ।

Exit mobile version