গোসাঁইগাৱত ধুমুহাত বিস্তৰ ক্ষতি সাধন হোৱা ৪৬ টা পৰিয়ালক বিটিচি চৰকাৰৰ পৰা টিনপাট বিতৰণ

841e2e18 bd5a 4ac4 95aa d8c21a62743f

গোসাঁইগাৱ মহকুমাৰ কচুগাঁ‌ও উন্নয়ন খণ্ডত ধুমুহাত খতিগ্ৰস্থ হোৱা পৰিয়াল সকলক বিটিচি চৰকাৰৰ পৰা টিনপাট বিতৰণ কৰে।যোৱা ১৪ এপ্ৰিলত গোসাঁইগাঁৱ মহকুমাৰ বিভিন্ন অঞ্চলত ধুমুহাত তচ – নচ হোৱা বহু পৰিয়ালক আজি বিটিচি চৰকাৰৰ ফালৰ পৰা টিনপাট বিতৰণ কৰে।

টিনপাট বিতৰণ অনুষ্ঠানৰ সভাপতিত্ব কৰে খণ্ড উন্নয়ন বিষয়া চানসুমা বসুমতাৰী আৰু লগতে উপস্থিত থাকে গোসাঁইগাঁৱ সমষ্টিৰ বিধায়ক জিৰন বসুমতাৰী,বিটিআৰৰ কাৰ্য্যবাহী সদস্য উকিল মুছাহাৰী,শ্ৰীৰামপুৰৰ পাৰিষদ সজল সিং,ভাওঁ‌ৰাগুৰী ৰাজহ চক্ৰ বিষয়া অমৰজ্যোতি বৰা,সহকাৰী আয়ুক্ত প্ৰিয়ংকৰ প্ৰতীম ডেকা,বিভিন্ন ভিচিডিচিৰ সভাপতি ,ইউপিপিএল,বিজেপিৰ দলীয় কৰ্মকৰ্ত্তা সকল আৰু ৰাইজ।

আজি চৰকাৰৰ ফালৰ পৰা এক বানকৈ টিনপাট দিলে আৰু বিটিচি চৰকাৰৰ পৰা উক্ত পৰিয়াল কেইটাই দহ হাজাৰ টকাকৈ লাভ কৰিব বুলি সদৰি কৰে কাৰ্য্যবাহী সদস্য উকিল মুছাহাৰীয়ে।লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা উচিৎ ক্ষতিপূৰন দিব বুলি জনায় বিধায়ক জিৰন বসুমতাৰীয়ে।

Exit mobile version