জুলাইত হ’ব পাৰে মোদী-শ্বৰীফৰ প্ৰথম সাক্ষাৎ

pjimage 2022 04 11T184849.168 5

পাকিস্তানৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ স’তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ পাছত শ্বৰীফে কাশ্মীৰ সমস্যাৰ সমাধানৰ প্ৰতি সেউজ সংকেত দিছিল ।

প্ৰকাশিত বাতৰি অনুসৰি চলিত বৰ্ষতে বৈঠকত অংশ ল’ব পাৰে পাকিস্তান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে । এই সন্দৰ্ভত উভয় দিশৰ কূটনীতিবিদে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ ।

অৱশ্যে চৰকাৰীভাৱে এতিয়াও এই বিষয়ত নিশ্চিত খবৰ লাভ কৰা হোৱা নাই । সূত্ৰৰ বাতৰি অনুসৰি অহা জুলাইত মোদী আৰু শ্বৰীফৰ সাক্ষাৎ হ’ব পাৰে ।

১৭ জুলাইত উজবেকিস্তানৰ তাছখণ্ডত ছাংঘাই কৰ্প’ৰেচন অৰ্গেনাইজেচন (এছ চি অ’)ৰ বৈঠক অনুষ্ঠিত হ’ব আৰু এই বৈঠকত ভাৰত-পাকিস্তানৰ প্ৰধানমন্ত্ৰীদ্বয়ে অংশ ল’ব । উক্ত সন্মিলনত অংশগ্ৰহণৰ সময়তে মোদী আৰু শ্বৰীফে পৃথকে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ।

Exit mobile version